AP-
https://www.instagram.com/p/De9gYfCIXLm/
ঘোচখোৰ অফিচাৰৰ ৰূমত অতিষ্ঠ কৃষকে মেলি দিলে সাপ
পাঁচবছৰেও কাম নোহোৱাত অতিষ্ঠ কৃষকে বেগৰ পৰা উলিয়ালে ফেটীসাপ
এডোখৰ একচনা মাটি ম্যাদী কৰাৰ বাবে চাৰ্কোল অফিচত আবেদন কৰিছিল হাক্কুল নামৰ কৃষকজনে৷ তেওঁৰ মাটিৰ কোনো সমস্যাও নাছিল৷ চৰকাৰী নিয়মমতেই নিৰ্ধাৰিত পৰিমাণৰ মাচুল আদায় দিয়াৰ লগে লগে হৈ যাব লাগিছিল হাক্কুলৰ কাম৷ কিন্তু চাৰ্কোল অফিচাৰে হাক্কুলৰ কাম নকৰেহে নকৰে৷ তেওঁ পাঁচবছৰে চাৰ্কোল অফিচলৈ তাঁতবাতি কাঢ়িয়েই থাকিল৷ মাটি হাক্কুলে ম্যাদী কৰিবই নোৱাৰিলে৷ চাৰ্কোল অফিচলৈ গৈ গৈ কৃষকজনৰ কেবাজোৰো ছেণ্ডেল ক্ষয় গ’ল৷ কিন্তু হাক্কুলক চাৰ্কোল অফিচাৰে আজৰি কৰি নিদিলে৷ কেবাবাৰো হাক্কুলৰ মাটিডৰা পৰিদৰ্শন কৰি লাট মণ্ডলে ফিটা টানিলে৷ মাটিৰ কাম কমদিনতে হৈ যাব বুলি কৃষকজনক আশ্বাসো দিলে৷ কিন্তু কেবাপুৰুষৰ পৰা তেওঁ ভোগ কৰি থকা মাটিডৰা হ’লে ম্যাদী নহ’ল৷ হাক্কুল অতিষ্ঠ হৈ পৰিল৷ কোনোবাই চাৰ্কোল অফিচত কেইটকামান ঘোচ দিলেই মাটিডৰা ম্যাদী হ’ব বুলি হাক্কুলক বুজালে৷ কিন্তু দৰিদ্ৰ কৃষক হাক্কুলে ঘোচনো দিয়ে কেনেকৈ? ম্যাদী নোহোৱা মাটিত খেতি কৰিয়েই তেওঁ কোনোমতে পৰিয়ালটো চলাই আছিল৷ হাক্কুলে শেষৰ বাৰ চাৰ্কোল অফিচাৰৰ হাতে-ভৰিয়ে ধৰি সোনকালে কামটো কৰি দিবলৈ অনুৰোধ জনালে৷ কলমৰ এটা খোচতে হাক্কুলক মাটি ম্যাদী কৰি দিব পৰা চাৰ্কোল অফিচাৰে তেতিয়াও মূৰ দুপিয়ায়েই কৃষকজনক সঁহাৰি দিলে৷ কিন্তু কাম হ’লে তেওঁ একো নকৰিলে৷ ইফালে মাটিডোখৰ ম্যাদী হ’ব বুলি অপেক্ষা কৰি থাকিলে হাক্কুলে৷ পিছে শেষলৈ তেওঁৰ ধৈৰ্যৰ বান্ধ ছিগি গ’ল৷ কৃষকজনে আৰু অপেক্ষা নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ মাটিৰ কথালৈ তেওঁ স্থানীয় বিধায়কৰ কাষ চাপিল৷ দলিত খেতিয়কজনক সোনকালে মাটিৰ মালিকীস্বত্ত্ব প্ৰদান কৰা হ’ব বুলি বিধায়কেও দিলে প্ৰতিশ্ৰুতি৷ সেইমতে হাক্কুল আশ্বস্ত হ’লেও কাম এইবাৰো নহ’ল৷ আকৌ একেদৰে সেই চাৰ্কোল অফিচাৰজনে নাটক কৰি থাকিল৷ সকলো দুৱাৰ বন্ধ হোৱাৰ পিছত নিৰ্ভীক কৃষক হাক্কুলে এটা পৰিকল্পনা কৰিলে৷ তেওঁ কেবাদিনো অভিযান চলাই ধৰিলে পাঁচটাকৈ বিষাক্ত সাপ৷ চকৰীফেটী সাপ ধৰি হাক্কুলে কাপোৰৰ বেগত ভৰালে৷ তেওঁ গোটেইকেইটা সাপ লৈ চাৰ্কোল অফিচলৈ গ’ল৷ অফিচাৰৰ সৈতে কথা আছে বুলি বিশেষ ৰূমটোত সোমাল হাক্কুল৷ তেওঁ বেগত হাত ভৰোৱা দেখি ঘোচ পাব বুলি আনন্দিত হৈ পৰিল অফিচাৰ৷ কিন্তু অতিষ্ঠ কৃষক হাক্কুলে বেগৰ পৰা পইচাৰ সলনি উলিয়ালে ফেটীসাপ৷
এডাল এডালকৈ পাঁচডাল সাপ উলিয়াই হাক্কুলে চাৰ্কোল অফিচাৰৰ ৰূমত মেলি দিলে৷ চাৰ্কোল অফিচাৰৰ টেবলটো এডাল সাপ উলিয়াই দিলে হাক্কুলে৷ পৰিস্থিতিৰ আকস্মিকতাত হতভম্ব হোৱা চাৰ্কোল অফিচাৰ চকীত জঁপিয়াই উঠিল৷ প্ৰাণৰ ভয়ত ৰাজহ বিষয়াজনে চিঞৰ-বাখৰ কৰিলে৷ তেওঁক উদ্ধাৰ কৰিবলৈ দৌৰাদৌৰি কৰা নিৰাপত্তাৰক্ষীয়ে দেখিলে সাপৰ আতংক৷ চাৰ্কোল অফিচাৰৰ ৰূমত কেবাডালো সাপে ফণা তুলি থকা দেখি বডীগাৰ্ডো পলাই পত্ৰং দিলে৷ হাক্কুল সাপৰ মাজতো নিৰ্ভীকভাৱে চাৰ্কোল অফিচাৰৰ ৰূমতে থিয় হৈ থাকিল৷ তেনে সময়তে হাক্কুলে চাৰ্কোল অফিচাৰক তেওঁৰ মাটিডৰাৰ বিষয়ে প্ৰশ্ন কৰিলে৷ হতভম্ব চাৰ্কোল অফিচাৰে লগে লগে চহী কৰি দিলে হাক্কুলৰ মাটিৰ কাগজত৷ ইমানদিনে নোহোৱা কাম সেইদিনাই শেষ কৰিবলৈ হাক্কুল সক্ষম হ’ল৷ সাপ দেখুৱাই তেওঁ বিষয়াৰ পৰা হাচিল কৰিলে মাটিৰ কাম৷



