মুছলমান যুৱতীৰ সৈতে বন্ধুত্ব কৰিব নোৱাৰিব কোনো হিন্দুৱে
মুছলমান যুৱতীক লগ ধৰাৰ বাবে হিন্দু যুৱকক তালিবানী শাস্তি
ইছলামিক জেহাদীয়ে গৰুৰ দৰে বান্ধি ৰাস্তালৈ উলিয়ালে নিৰীহ হিন্দু যুৱকক৷ কিন্তু তেওঁ একো ভুল কৰা নাছিল৷ যুৱকজন হৈছে ইস্কনৰ সদস্য৷ তেওঁ বাংলাদেশৰ ৰংপুৰ জিলাত থকা ইস্কনৰ মন্দিৰত প্ৰতিদিনে উপাসনা কৰে৷ যুৱকজনে আজিও ইস্কনৰ মন্দিৰত উপাসনা কৰিছিল৷ তথ্য অনুসৰি প্ৰাৰ্থনাৰ সময়তে তেওঁ ফোনত এগৰাকী মুছলমান বান্ধৱীৰ সৈতে কথা পাতিছিল৷ বান্ধৱীৰ নিমন্ত্ৰণক্ৰমে তেওঁলোকৰ ঘৰলৈ গৈছিল বাংলাদেশী হিন্দু যুৱকজন৷ পৰৱৰ্তী সময়ত বান্ধৱীৰ সৈতে ৰংপুৰৰ বজাৰলৈ গৈছিল সেইজন যুৱক৷ তেওঁ কাৰো একো অনিষ্ট কৰা নাছিল৷ ব্যক্তিগত ঘনিষ্ঠতাৰ বাবে মুছলমান বান্ধৱীৰ সৈতে তেওঁ বজাৰ গৈছিল৷ কিন্তু হিজাব পৰিহিত যুৱতীৰ সৈতে তেওঁক দেখিয়েই ইছলামিক জেহাদী ৰুষ্ট হ’ল৷ দাড়ি নথকা বাবে হিন্দু বুলি গম পাই যুৱকজনক বজাৰতে বন্দী কৰিলে এদল মুছলমানে৷ সেইসকলে নিৰীহ হিন্দু যুৱকজনক মাৰধৰ কৰিলে৷ তেওঁ সহায়ৰ বাবে প্ৰাৰ্থনা কৰিও লাভ নহ’ল৷ বজাৰৰ মাজতে হিন্দু যুৱকজনক কৰা হ’ল নিৰ্মম প্ৰহাৰ৷ তেওঁক বান্ধি ৰাস্তাৰে সমদল উলিয়ালে নিৰ্মম জেহাদীয়ে৷ গৰুৰ দৰে বান্ধি তেওঁক প্ৰায় পাঁচ কিলোমিটাৰ চোঁচৰাই ফুৰোৱা হ’ল৷ দেশখনৰ ইছলামিক শক্তিয়ে প্ৰৱৰ্তন কৰা নিয়ম অনুসৰি কোনো মুছলমান যুৱতীয়ে হিন্দুৰ সৈতে বন্ধুত্ব কৰিব নোৱাৰিব৷ বিশেষকৈ হিন্দু যুৱকৰ সৈতে ঘৰৰ পৰা ওলাই যাব নোৱাৰিব মুছলমান যুৱতী৷ যদি মুছলমান যুৱতীয়ে হিন্দুৰ সৈতে বন্ধুত্ব কৰে তেন্তে ছৰিয়তৰ নিয়ম অনুসৰি শাস্তি বিহা হ’ব৷ সেয়ে হিন্দু যুৱকজনক গৰুৰ দৰে বান্ধি ৰাস্তাত সমদল কৰিলে ইছলামিক জেহাদীয়ে৷ নিৰীহ যুৱকজনে তেওঁ যে একো দোষ কৰা নাই সেয়া বুজিবলৈ চেষ্টা কৰি বিফল হ’ল৷ তেওঁক চৰিয়াই-গুৰিয়াই অত্যাচাৰ কৰিছে মুছলমান দুৰ্বৃত্তই৷ যুৱকজনৰ সৈতে বজাৰ কৰি থকা মুছলমান যুৱতীগৰাকীকো কৰা হ’ল অত্যাচাৰ৷ তেওঁক ঘটনাস্থলীৰ পৰা আঁতৰাই পঠিয়াই নিৰীহ হিন্দু যুৱকজনক নিৰ্যাতন কৰিলে জেহাদীয়ে৷ ৰাস্তাৰ কাষত ৰৈ তেওঁৰ অসহায় অৱস্থা উপভোগ কৰিলে বাংলাদেশৰ অসংখ্য লোকে৷ তেওঁ হাতজোৰ কৰি মুক্তি দিয়াৰ বাবে প্ৰাৰ্থনা কৰিলেও কোনেও নুশুনিলে৷
এই যুৱকজন হৈছে ইস্কনৰ শিষ্য৷ তেওঁ ধৰ্মীয় নিয়ম অনুসৰি ইস্কনৰ মন্দিৰত পূজা কৰিছিল৷ ইস্কনৰ মন্দিৰলৈ যোৱাৰ বাবে তেওঁৰ কঁপালত আছিল তিলক৷ সেয়ে ইছলামিক জেহাদীয়ে হিন্দু বুলি চিনাক্ত কৰি তেওঁক উৎপীড়ন চলালে৷ অকথ্য নিৰ্যাতনৰ বলি হোৱা যুৱকজনৰ ভিডিঅ’টো প্ৰচাৰ কৰিলে বাংলাদেশৰ ইস্কন সমাজে৷ গতিকে বিষয়তো চকুত পৰিল বাংলাদেশ চৰকাৰৰ৷ লগে লগে ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাংলাদেশৰ চৰকাৰ বাধ্য হৈছে৷ এই সংক্ৰান্তত তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে প্ৰধানমন্ত্ৰীয়ে৷
বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে দেশৰ সন্মান ৰক্ষাৰ বাবে হিন্দু যুৱকজনক অত্যাচাৰ কৰা মৌল বাদী শক্তিৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে৷ তেওঁ শেহতীয়াকৈ দুৰ্গা পূজাত অংশগ্ৰহণ কৰি বাংলাদেশত ধৰ্মীয় স্বাধীনতাৰ যুগ আৰম্ভ হোৱা বুলি প্ৰকাশ কৰিছিল৷ নতুন চৰকাৰৰ কাৰ্যকালত বাংলাদেশৰ হিন্দু নিৰাপদে থাকিব পাৰিব বুলি প্ৰকাশ কৰিছিল৷ সেয়ে তেওঁ সন্মান ৰক্ষাৰ স্বাৰ্থত ঘোষণা কৰিলে তদন্ত৷



