বয়স অলপ বেছি হ’ব পাৰে, কিন্তু মনৰ জোৰ কমা নাই
এতিয়াও ডেকা হৈয়েই আছে বৃদ্ধ চাচা
আপোনালোকে দেখা এই ৰঙাচুলিৰ মানুহজনৰ আছে হোলছেল দোকান৷ সেই হিচাপে তেওঁ টকা-পইচা থকা মানুহ৷ নামনি অসমৰ এখন বিশেষ গাঁৱৰ ভিতৰত ধনী মানুহ হিচাপে তেওঁৰ নাম আছে৷ ৰহমান বুলি সকলোৰে চিনাকি লোকজনৰ আছে সন্তান আৰু বোৱাৰী৷ কিন্তু তেওঁ বৰলা জীৱন কটাবলগীয়া হৈছে৷ ৰহমানৰ পত্নীৰ ১০ বছৰ পূৰ্বেই মৃত্যু হৈছিল৷ তেতিয়াৰ পৰা ৰহমানে অকলশৰীয়া জীৱন যাপন কৰিছে৷ মাজে মাজে সংগী বিচাৰি লোৱাৰ মন গৈছিল ৰহমানৰ৷ কিন্তু বুঢ়াকালত বিয়া পাতিলে পৰিয়ালৰ সন্মান হানি হ’ব বুলি কৈ তেওঁক পুত্ৰই বাৰণ কৰিছিল৷ সেয়ে পাৰ্মানেণ্ট সংগী বিচাৰি ল’ব পৰা নাছিল বৃদ্ধ ৰহমানে৷ কিন্তু তেওঁ সংগীৰ বাবে হৈ পৰিছিল আতুৰ৷ ৰহমানে বিচাৰিছিল নাৰীদেহৰ উমাল স্পৰ্শ৷ পত্নীৰ দৰে মৰম কৰিব পৰাকৈ এগৰাকী মহিলাৰ তেওঁ সন্ধান কৰিছিল৷ শেষত ৰহমানে সংগী অৱশ্যে বিচাৰি পালে৷ কিন্তু তেওঁৰ সংগী আছিল অবৈধ৷ দৰাচলতে গাঁৱৰে এটা দৰিদ্ৰ পৰিয়ালৰ কন্যাৰ সৈতে ৰহমানে সম্পৰ্ক কৰিলে৷ তাৰ বিনিময়ত পৰিয়ালটোৰ চাউল-চাহপাতৰ পৰা কাপোৰপৰ্যন্ত সকলৰে খৰচ ৰহমানে দিবলৈ ধৰিলে৷ পইচা খৰচ কৰাৰ বাবে ৰহমানে লাভ কৰিলে গাভৰু ছোৱালীৰ শৰীৰৰ স্পৰ্শ৷
পৰিয়ালটোৰ কণমানি যুৱতীগৰাকীৰ সৈতে ৰহমানৰ কামলীলা আৰম্ভ হ’ল৷ তেওঁ দোকান বন্ধ কৰি ঘৰ নোযোৱা হ’ল৷ আগতে দোকানৰ পৰা ডাইৰেক্ট ঘৰলৈ গৈ ভাত খাই শোৱা লোকজনৰ মনটো হৈ পৰিল অস্থিৰ৷ তেওঁ লাহে লাহে তেজাল ডেকাৰ দৰে হৈ পৰিল৷ ৰহমানৰ পুত্ৰ আকৌ কৰ্মসূত্ৰে গুৱাহাটীনিৱাসী৷ সেয়ে তেওঁ দেউতাকে কৰি থকা কামলীলাৰ বিষয়ে গম পোৱা নাছিল৷ কিন্তু গাঁৱৰ মানুহে সেই বিশেষ ঘৰখনত ৰহমানৰ সঘন প্ৰৱেশৰ বিষয়ে অনুসন্ধান কৰিলে৷ ২১ বছৰীয়া যুৱতীগৰাকীৰ সৈতে ৰহমানৰ শাৰিৰীক সম্পৰ্কৰ বিষয়েও ৰাইজে জানিলে৷ তেতিয়া ধুবুৰীৰ গাঁৱখনৰ ৰাইজে ৰহমানক হাতে-লোটে ধৰা পেলোৱাৰ পৰিকল্পনা কৰিলে৷ সেইমতে কালি দিনত দোকান বন্ধ কৰি ৰহমান তাত সোমোৱাৰ লগে লগে ছাৰ্জিকেল ষ্ট্ৰাইক চলোৱা হ’ল৷ গাঁৱৰ ডেকা ল’ৰাই কামলীলা কৰি থাকোতেই ৰহমানক ধৰি বান্ধি থ’লে৷
কোনোমতে লুঙীখন পিন্ধি ৰহমান বাহিৰলৈ ওলাল৷ তেওঁক বাৰাণ্ডাৰ খুঁটাত গৰুৰ দৰে বান্ধি থোৱা হ’ল৷ পইচাৰ লোভত বৃদ্ধক শৰীৰ দিয়া যুৱতীগৰাকীকো দিয়া হ’ল একেই শাস্তি৷ তেওঁলোক দুয়োকে গাঁৱৰ ৰাইজে চৰ-ঘোচা দিলে৷ তেতিয়া বৃদ্ধ ৰহমানে এই ঘটনাৰ বিষয়ে পুত্ৰক নজনাবলৈ কাকূতি-মিনতি কৰিলে৷ কিন্তু গাঁৱৰ ৰাইজে ভিডিঅ’ কল কৰি ৰহমানৰ পুত্ৰক দেউতাকৰ অবৈধ সম্পৰ্কৰ বিষয়ে জনাই দিলে৷ অৱশেষত দুয়োকে মুক্ত কৰি ৰাইজে ঠাইতে পাতি দিলে বিয়া৷ বুঢ়াকালত ৰহমানে পালে কইনা৷
অবৈধ সম্পৰ্কৰ বাবে ইমানদিনে বিচাৰি ফুৰা সংগী ৰহমানে পালে৷ তেওঁ ২১ বছৰীয়া কইনা লৈ ঘৰলৈ উভতিল৷ ৬৮ বছৰীয়া ৰহমান আকৌ হৈ পৰিল তেজাল ডেকা৷ অৱশ্যে কামলীলা কৰি থাকিলেও বৃদ্ধ ৰহমানৰ সৈতে বিয়া হোৱাৰ ইচ্ছা নাছিল ২১ বছৰীয়া যুৱতীগৰাকীৰ৷ তেওঁ ৰহমানৰ পৰা সৰকাই থাকিব বিচাৰিছিল পইচা৷ কিন্তু গাঁৱৰ ৰাইজে একো নামানিলে৷ তেওঁ হ’বলগীয়া হ’ল ৰহমানৰ বেগম৷



