পেটৰ বিষ হোৱা মুছলমান ছাত্ৰীক হিন্দু চকীদাৰৰ নিৰ্যাতন
পিছফালৰ পৰা সাবটি ধৰি ছাত্ৰীৰ স্তনত চকীদাৰৰ হাত
লখিমপুৰৰ নাওবৈচাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো৷ নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ সময়তে নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী নিৰ্যাতনৰ চিকাৰ হৈছে৷ গুণাৰাম নামৰ বৃদ্ধ চকীদাৰে তেওঁক নিৰ্যাতন চলাইছে৷ ঘটনাৰ বিষয়ে তাৎক্ষণিকভাৱে ছাত্ৰীগৰাকীয়ে স্কুলৰ শিক্ষকক অৱগত কৰিছিল৷ কিন্তু দৰিদ্ৰ মুছলমান পৰিয়ালৰ ছাত্ৰীগৰাকীক কোনেও সহায় নকৰিলে৷ স্কুল চলি থকা সময়ত ক্লাছতে ছাত্ৰীৰ স্তনত খামোচ মাৰি ধৰাৰ পিছতো গুণাৰাম চাকৰিৰ পৰা নিলম্বিত নহ’ল৷ এইটো ঘটনাৰ বিষয়ে গাপ দিয়াৰহে চেষ্টা কৰিলে বিদ্যালয় কৰ্তৃপক্ষই৷ কিন্তু নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ মুখেৰে আমি জানিব পাৰিছোঁ ঘটনাৰ সবিশেষ৷ তথ্য অনুসৰি শেহতীয়াকৈ অসুস্থ শৰীৰেৰে ছাত্ৰীগৰাকী স্কুললৈ গৈছিল৷ প্ৰাৰ্থনা সভা আৰম্ভ হোৱাৰ সময়ত তেওঁ অধিক অসুস্থ অনুভৱ কৰে৷ পেট খামোচ মাৰি ধৰাৰ বাবে ছাত্ৰীগৰাকী প্ৰাৰ্থনা সভালৈয়ো যাব নোৱাৰিলে৷ তেওঁ সেই সময়ত ক্লাছৰূমতে অকলে বহি আছিল৷ ছাত্ৰীগৰাকী অকলে বহি থকা দেখি সুযোগ ল’বলৈ তৎপৰ হৈ পৰিল লম্পট গুণাৰাম৷ চকীদাৰ গুণাৰামে তেতিয়া ক্লাছত প্ৰৱেশ কৰি ছাত্ৰীগৰাকীক প্ৰাৰ্থনা সভালৈ যোৱাৰ নিৰ্দেশ দিলে৷ কিন্তু শাৰিৰীক অসুস্থতাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিব নোৱাৰে বুলি প্ৰকাশ কৰিলে ছাত্ৰীগৰাকীয়ে৷ তেতিয়া গুণাৰামে ছাত্ৰীগৰাকীক বহি থকা অৱস্থাতে পিছফালৰ পৰা সাবটি ধৰাৰ চেষ্টা চলালে৷ গুণাৰামে শৰীৰ স্পৰ্শ কৰিবলৈ ধৰাৰ বিষয়ে জনা নাছিল নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে৷ তেওঁ অৱশ হৈ বহি থাকোতে পিছফালৰ পৰা ছাত্ৰীগৰাকীৰ স্তনত খামোচ মাৰি ধৰিলে লম্পট চকীদাৰে৷ লগে লগে উচপ খাই উঠা ছাত্ৰীগৰাকীয়ে গুণাৰামক বাধা দিলে৷
কিন্তু লম্পট গুণাৰামে একো বাধা শুনিব নিবিচাৰিলে৷ গুণাৰামে তাৰ পিছতো নৱম শ্ৰেণীৰ ফুল কুমলীয়া ছাত্ৰীগৰাকীক সাবটি ধৰিলে৷ আনকি তেওঁৰ গোপন অংগত হাত দিয়াৰ চেষ্টা কৰিলে গুণাৰামে৷ ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ পৰা ছাত্ৰীগৰাকীৰ কাপোৰ খুলিবলৈ উদ্যত হ’ল চকীদাৰ গুণাৰাম৷ সদায় দেখি থকা চকীদাৰৰ এনে কাণ্ডত আচৰিত হোৱা ছাত্ৰীগৰাকীয়ে ক্লাছৰ পৰা পলাবলৈ চেষ্টা কৰিলে৷ তেতিয়া তেওঁক পিছফালৰ পৰা জপতিয়াই ধৰি বন্দী কৰিলে গুণাৰামে৷ কিন্তু ছাত্ৰীগৰাকীয়ে সৰ্বশক্তি প্ৰয়োগ কৰি গুণাৰামৰ নাগপাশৰ পৰা মুক্ত হৈ কমনৰূমত প্ৰৱেশ কৰিলে৷ তেওঁ সকলো শিক্ষয়িত্ৰীৰ সন্মুখত প্ৰকাশ কৰিলে চকীদাৰ গুণাৰামৰ লম্পটালি৷ আশ্বৰ্যকৰভাৱে সেই ঘটনাৰ তদন্ত কৰিবলৈ ইচ্ছুক নাছিল অধ্যক্ষ৷
তেওঁ গুণাৰামৰ অসভ্যালি জনাৰ পিছতো ছাত্ৰীগৰাকীক নীৰৱে থাকিবলৈ নিৰ্দেশ দিলে৷ দৰিদ্ৰ মুছলমান পৰিয়ালৰ ছোৱালীজনীয়ে ঘটনাৰ বিষয়ে আন কাৰোবাক জনোৱাৰ নকৰিলে সাহস৷ পৰৱৰ্তী সময়ত তেওঁ পৰিয়ালৰ লোকক গুণাৰামৰ অসভ্যালিৰ বিষয়ে অৱগত কৰিলে৷ এই ঘটনাৰ বিষয়ে এতিয়াও বিশেষ প্ৰচাৰ হোৱা নাই৷ স্কুলখনৰ প্ৰভাৱশালী কৰ্তৃপক্ষই মুছলমান ছাত্ৰীক নিৰ্যাতনৰ চেষ্টা কৰা গুণাৰামক সুৰক্ষা দিয়াৰহে চেষ্টা চলাইছে৷ লম্পট গুণাৰামক কিয় স্কুলখনে নিৰ্দোষ প্ৰতিপন্ন কৰিব বিচাৰিছে সেয়া সন্দেহৰ বিষয়৷ স্কুল চলি থাকোতে ছাত্ৰীৰ স্তন স্পৰ্শ কৰাৰ পিছতো নিৰ্ভয়ে চাকৰি কৰি আছে গুণাৰামে৷



