কোনেও বিয়া নাপাতিলে শ্বেফালীক

তপিনাত গেওৰা লগাই দৌৰিছে শ্বেফালী বাগ্গা
কেমেৰা দেখিলেই প’জ দিয়া শ্বেফালীয়ে আজি পলায়ন কৰিছে
কিন্তু কিয়? শ্বেফালী বাগ্গা পূৰ্বে আছিল নিউজ চেনেলৰ এংকৰ৷ পিছলৈ শ্বেফালীয়ে ক্ৰিকেট প্ৰেজেণ্টাৰৰ কাম কৰিলে৷ তেতিয়াই জীৱন সলনি হৈ গ’ল শ্বেফালীৰ৷ গ্লেমাৰাছ কেৰিয়াৰে শ্বেফালীক কৰি তুলিলে বিখ্যাত৷ তেওঁ চেলিব্ৰিটী হৈ পৰিল৷ শ্বেফালীয়ে তেতিয়াই এটা ভুল কৰিলে৷ হঠাতে চেলিব্ৰিটী হোৱাৰ পিছত শ্বেফালীয়ে ডিভ’ৰ্চ দিলে পূৰ্বৰ স্বামীক৷ কোটি কোটি টকাৰ মালিক হ’ল শ্বেফালী৷ ক্ৰিকেটাৰৰ সৈতে ডেটিং কৰিলে শ্বেফালীয়ে৷ কিন্তু বৰ্তমান এটা ভুলৰ বাবে শ্বেফালীয়ে মুখ উলিয়াব নোৱাৰা হৈছে৷ কেমেৰা দেখিলেই পলাই ফাট মাৰিবলগীয়া অৱস্থা হৈছে ধুনীয়া ছোৱালীজনীৰ৷ পূৰ্বে প’জ দি ফটো উঠা শ্বেফালী বৰ্তমান পলোৱাৰ কাৰণ হৈছে মহাদেৱ বেটিং এপ৷ এই মোবাইল এপ্লিকেশ্যনত জুৱা খেল চলোৱা হৈছিল৷ মহাদেৱ বেটিং এপত জুৱা খেলিবলৈ জনতাক আহ্বান জনাই প্ৰচাৰ চলাইছিল শ্বেফালী বাগ্গাই৷
পিছলৈ বিষয়টো EDৰ নজৰত পৰিল৷ এনফ’ৰ্চমেণ্টে শ্বেফালী বাগ্গাক জেৰা কৰিলে৷ প্ৰথমে শ্বেফালীয়ে মহাদেৱ বেটিং এপৰ পৰা এপইচাও লোৱা নাই বুলি দাবী কৰিছিল৷ কথাটো সিমানতে সমাপ্ত হ’ব লাগিছিল যদিও নহ’ল৷ EDয়ে জাল চপাই শ্বেফালীক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰস্তুতি চলালে৷ গতি বেগতিক দেখি শ্বেফালীয়ে সৰ্বশেষত ছাৰেণ্ডাৰ কৰিলে৷ তেওঁ স্বীকাৰ কৰিলে যে জুৱাৰ প্ৰচাৰৰ বাবে মহাদেৱ বেটিং এপে ১ কোটি ২০ লাখ টকা দিছিল৷ সেয়ে উক্ত ধনৰাশি EDক চমজাই দিয়াৰ প্ৰস্তাৱ দিলে শ্বেফালীয়ে৷ গোচৰৰ পৰা মুক্ত হ’বলৈ শ্বেফালীয়ে মহাদেৱ বেটিং এপৰ পৰা পোৱা সমস্ত ধনৰাশি তদন্তকাৰীৰ হাতত গতাই দিলে৷ সিমানতে মহাদেৱ বেটিং এপৰ তদন্তৰ পৰা মুক্ত হ’ল অগণন ভাৰতীয় পুৰুষৰ নয়নৰ মণি শ্বেফালী বাগ্গা৷ তথাপি শ্বেফালীয়ে মহাদেৱ বেটিং এপৰ বাবে সাংবাদিকৰ মুখামুখি হ’বলৈ ভয় কৰা হৈছে৷
নিউজ এংকৰ হিচাপে সাধাৰণ জীৱন অতিবাহিত কৰা শ্বেফালী বাগ্গাই পূৰ্বে স্বামীৰ সৈতে ডিভ’ৰ্চ কৰিয়েই এটা ভুল কৰিছিল৷ তেওঁ আছিল স্পীনাৰ যজুৰ্ৱেন্দ্ৰ চহলৰো গাৰ্লফ্ৰেণ্ড৷ কিছুদিন চহলে শ্বেফালী বাগ্গাৰ সৈতে ৰোমাঞ্চ কৰিলে৷ দুজন ক্ৰিকেটাৰৰ সৈতে শ্বেফালীয়ে লিভিং টুগেদাৰ কৰিলে৷ এজনো ক্ৰিকেটাৰে শ্বেফালীক বিয়া নকৰিলে৷ শৰীৰ উপভোগ কৰিলেও তেওঁলোক শ্বেফালীৰ কাষৰ পৰা পলাই গ’ল৷ এই প্ৰতাৰণাই শ্বেফালীক বিভ্ৰান্ত কৰি তুলিছিল৷ আনহাতে সাধাৰণ জীৱনৰ পৰা আহি হঠাতে লাভ কৰা ঐশ্বৰ্যৰ বাবে শ্বেফালী হৈ পৰিছিল উন্মাদ৷ সেয়ে গ্লেমাৰহীন স্বামীৰ সৈতে ডিভ’ৰ্চ কৰি শ্বেফালী মুক্ত হৈছিল৷ সেই মুক্তিয়ে শ্বেফালীক জীৱনটো উপভোগ কৰিবলৈ সুবিধা দিলে৷ তথাপি শ্বেফালী বিপদত পৰিল৷
মাজতে শ্বেফালীৰ সৈতে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ এজনেও ডেটিং কৰিছিল৷ তেওঁৰ সৈতে শ্বেফালী বিদেশলৈ গৈছিল৷ কিন্তু সেইজনেও শ্বেফালীক ব্যৱহাৰহে কৰিলে৷ শ্বেফালী কাৰোৰে সৈতে বিয়া হ’ব নোৱাৰিলে৷ টীম ইণ্ডিয়াৰ এজন প্ৰাক্তন অধিনায়কে বিয়া পাতিমেই বুলি প্ৰতিশ্ৰুতি দি শ্বেফালীক মালদ্বীপ ফুৰাবলৈ নিছিল৷ মালদ্বীপৰ পৰা উভতি অহাৰ পিছত তেওঁ শ্বেফালীক এৰাই চলিবলৈ ধৰিলে৷ সেয়ে শ্বেফালীয়ে কাৰো সৈতে প্ৰেম নকৰাৰ শপত খাইছে৷ ব্যক্তিগত জীৱনৰ মাজতে মহাদেৱ বেটিং এপৰ বিতৰ্কই বিভ্ৰান্ত কৰি তুলিছে শ্বেফালী বাগ্গাক৷ গতিকে টকা ওভতাই দি হ’লেও মুক্ত হ’ব বিচাৰিছে সুন্দৰী শ্বেফালী বাগ্গা৷