কেচুৱাও দাঙি নিবলৈ ধৰে বান্দৰে

অসম চৰকাৰে যে বান্দৰৰ বন্ধ্যাকৰণ শিকিবলৈ পঠিয়াইছিল সেই বিধায়কসকলে কি শিকিলে
অসমত বান্দৰৰ বন্ধ্যাকৰণ কেতিয়াৰ পৰা আৰম্ভ হ’ব
চৰকাৰী ধনেৰে বান্দৰৰ বন্ধ্যাকৰণৰ কৌশল শিকিবলৈ হিমাচললৈ যোৱা বিধায়কসকল উভতি আহিল৷ কিন্তু তেওঁলোকে কি শিকি আহিল সেইটো ৰাইজে নাজানিলে৷ বিধায়কে যদি একো শিকিব নোৱাৰিলে তেন্তে অসমৰ পশু চিকিৎসকক হ’লে এই কৌশলটো শিকাবলৈ চৰকাৰে প্ৰশিক্ষণ দিয়ক৷ নহ’লে অসমৰ মানুহ ঘৰ এৰি পলাব লাগিব৷ আজিকালি বান্দৰে কেৱল ফল-মূল খায়েই ক্ষান্ত নাথাকে৷ বান্দৰে কাপোৰো নিবলৈ ধৰিলে৷ বান্দৰ থকা ঠাইত কোনেও কাপোৰ শুকাবলৈ মেলি দিব নোৱাৰে৷ ব্ৰা-পেণ্টীপৰ্যন্ত বান্দৰে লৈ যায়৷ সদায় দেখি দেখি চিনাকি হোৱা মানুহলৈ বান্দৰে একো ভয় নকৰে৷
মানুহক কামুৰিবলৈহে খেদি ফুৰে মলুৱাই৷ আপুনি যদি বান্দৰ খেদিবলৈ কুকুৰ পুহিম বুলি ভাবিছে তেনেহ’লেও একো লাভ নহ’ব৷ আধুনিক বান্দৰে কুকুৰলৈ ভয় নকৰে৷ বান্দৰে কুকুৰ পোৱালি গছৰ ওপৰলৈ দাঙি নিয়ে৷ গছৰ পৰা পেলাই কুকুৰ পোৱালি মাৰি পেলায়৷ মেকুৰী পোৱালিও গছৰ পৰা দলিয়াই বান্দৰে মাৰে৷ চোতালত চৰি ফুৰা কুকুৰাকো বান্দৰে নেৰে৷ ডিঙিত চেপা মাৰি টোটোলাৰ পৰা ধান-চাউল উলিয়াই বান্দৰে খায়৷ হাঁহ খেদি খেদি বান্দৰে ডিঙি চেপি মাৰে৷ কাকো ভয় নকৰে আধুনিক বান্দৰে৷ বান্দৰৰ পৰা সুৰক্ষিত কৰিবলৈ ফ্ৰীজ লক কৰি থ’লেও লোকচানহে বেছি হয়৷
বান্দৰে ফ্ৰীজ খুলিব জানে৷ লক কৰি থ’লে বান্দৰে ফ্ৰীজটোত ওলমি দিয়ে৷ তেনেকুৱা কৰিলে ফ্ৰীজটো মজিয়াত বাগৰি ধ্বংস হয়৷ এতিয়াৰ বান্দৰে আনকি প্ৰেছাৰ কুকাৰ খুলিবলৈয়ো শিকিলে৷ সকলো কাম কৰিবলৈ বান্দৰে জানে৷ আনকি বান্দৰ ক্ৰমাৎ মাংসভোজী জন্তুলৈ পৰিণত হৈছে৷ পাকঘৰত থোৱা মাংস খাবলৈ শিকিছে বান্দৰে৷ এই গতিৰে থাকিলে কিছুদিনৰ পিছত অসমৰ প্ৰতিজন লোকে বান্দৰৰ কামোৰৰ বাবে বেজী ল’ব লাগিব৷ পূৰ্বে বান্দৰে পুৰুষলৈ ভয় কৰিছিল৷ কিন্তু এতিয়া মুনিহ-তিৰোতা কাকো বান্দৰে ভয় নকৰে৷ মানুহ দেখিলেই খেক খেক কৰি কামুৰিবলৈ খেদা মাৰিহে আহে প্ৰকাণ্ড মলুৱা৷
বান্দৰৰ উৎপাতত যোৰহাটত গৰু-ছাগলী পোহাও টান হৈ পৰিছে৷ বান্ধি থোৱা ছাগলী দেখিলে বান্দৰে আক্ৰমণ কৰে৷ দিনত এৰাল দি থ’লেও ছাগলীক বান্দৰে খেদি ফুৰে৷ আনকি গৰুকো জাক বান্ধি বান্দৰে হাৰাশাস্তি কৰে৷ বান্দৰৰ ভয়ত বিছনাত কেচুৱা শুৱাই থ’ব নোৱাৰি৷ কাৰণ গ্ৰীলৰ ফাঁকেৰে ৰূমত সোমোৱা বান্দৰে যিকোনো মুহূৰ্ততে বিছনাৰ পৰা কেচুৱা দাঙি নিব পাৰে৷ কেনেবাকৈ এবাৰ দাঙি নিলে কেচুৱা গছৰ পৰা পেলাই দিব বিচাৰে বান্দৰে৷ সেযে আজিকালি অকলে বিছনাত কেচুৱা শুৱাব নোৱাৰি৷
পাৰ চৰায়ো বান্দৰৰ বাবে পুহিবলৈ বাদ দিবলগীয়া হৈছে৷ বেছি উৰিব নোৱাৰা পাৰ চৰাই বাহত হাত ভৰাই বান্দৰে উলিয়াই আনে৷ যোৰহাটৰ গিবনৰ সমীপৱৰ্তী অঞ্চলত বান্দৰে পাৰ চৰাই মুচৰি মৰাটো স্বাভাৱিক ঘটনা হৈ পৰিছে৷ পাৰ মাৰি পেটৰ পৰা ধান উলিয়াই খাই বান্দৰে৷ যোৰহাটত বান্দৰৰ বাবে দিনটো দুৱাৰ-খিৰিকী জপাই মানুহ সোমাই থাকিব লাগে৷ গতিকে সোনকালে চৰকাৰে যি কৰে কৰক৷