গাড়ী কিনিলে কিন্তু ইনষ্টলমেণ্ট দিয়া নাই
সেয়ে বেংকৰ এজেণ্টে কি কৰিলে চাওক
মালিকে বেংকৰ লোন লৈ ট্ৰাকখন কিনিছিল৷ দৈনিক ভাৰা মাৰি মালিকে ভালদৰে পইচাও উপাৰ্জন কৰি আছিল৷ কিন্তু বেংকৰ ধাৰ পৰিশোধ কৰিবলৈ মালিকৰ ইচ্ছা নাছিল৷ তেওঁ এবাৰো দিয়া নাছিল কিস্তিৰ ধন৷ সেয়ে ট্ৰাকখন বিচাৰি ফুৰিছিল বেংকৰ এজেণ্টে৷ শেষত বিহাৰৰ এখন ধাবাত ড্ৰাইভাৰে ৰুটি খাই থাকোতে ট্ৰাকখন তেওঁলোকে বিচাৰি পালে৷ কিন্তু ধাবাত ট্ৰাকখন জব্দ কৰাৰ কোনো উপায় নাছিল৷ সেয়ে বেংকৰ এজেণ্টে এটা উপায় উলিয়ালে৷ তেওঁলোকে ট্ৰাকখন যাতে ড্ৰাইভাৰে উলিয়াই নিব নোৱাৰিলে তাৰ বাবে গাঁত খান্দিব বিচাৰিলে৷ তাতে ৰৈ থকা এখন JCBৰ সৈতে বন্দৱস্ত কৰি কামটো কৰিও পেলালে৷ যি ঠাইত ট্ৰাকখন ৰৈ আছিল তাৰ চাৰিওফালে JCBৰ সহায়ত খান্দি দিযা হ’ল গভীৰ গাঁত৷
মালভৰ্তি ট্ৰাকখন গাঁতৰ মাজত আবদ্ধ হৈ পৰিল৷ সেইপৰ্যন্ত বেংকৰ এজেণ্টে কৰা কাণ্ডৰ উমঘাম পোৱা নাছিল ট্ৰাকৰ ড্ৰাইভাৰে৷ আৰামত ধাবাত ৰুটি খাই ট্ৰাকৰ ওচৰ চপাৰ পিছতহে তেওঁ দেখিলে ডাঙৰ গাঁত৷ সেই গাঁতকেইটাৰ মাজৰ পৰা ড্ৰাইভাৰে ট্ৰাকখন উলিওৱাৰ একো উপায় নাছিল৷ ড্ৰাইভাৰ বিমোৰত পৰা দেখি বেংকৰ এজেণ্ট তেওঁৰ কাষ চাপিল৷ কিস্তিৰ ধন পৰিশোধ কৰিলেই গাঁত পুতি ট্ৰাকখন উলিয়াবলৈ দিয়া হ’ব বুলি এজেণ্টে প্ৰকাশ কৰিলে৷ কিন্তু ড্ৰাইভাৰৰ হাত তিনিমাহৰ কিস্তি দিব পৰাকৈ পইচা নাছিল৷ তেওঁ মালিকলৈ ফোন কৰি ঘটনাৰ বিষয়ে বৰ্ণনা কৰিলে৷ মালিকে আকৌ কঢ়িয়াই নিয়া সামগ্ৰী যথাস্থানত যোগান ধৰিব পাৰিলেহে কিস্তিৰ ধন পৰিশোধ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে৷
কিন্তু বেংকৰ এজেণ্ট সেইবোৰ বাহানা শুনিবলৈ ৰাজি নাছিল৷ তেওঁলোকে গাঁতৰ মাজতে ট্ৰাকখন আবদ্ধ কৰি থ’ব বুলি জনাই দিলে৷ ধাবাখনৰ বাহিৰত লাহে লাহে মানুহৰ ভিৰ বাঢ়িবলৈ ধৰিলে৷ চাৰিফালে গাঁতৰ মাজত সোমাই থকা ট্ৰাকখনৰ ড্ৰাইভাৰে এইবাৰলৈ ৰেহাই দিয়াৰ বাবে কৰিলে প্ৰাৰ্থনা৷ কিন্তু একো লাভ নহ’ল৷ মালিকে পইচা নিদিলে বছৰটোলৈ ট্ৰাকখন তেনেকৈয়ো থাকিব বুলি জনাই দিলে বেংকৰ এজেণ্টে৷ তেওঁলোকে শেষত মালিকক ডেডলাইন বান্ধি দিলে৷ যদি ৩ ঘণ্টাৰ ভিতৰত পইচা নাপাই তেন্তে গাঁত পুতি ট্ৰাকখন বাজেয়াপ্ত কৰা হ’ব বুলি প্ৰকাশ কৰিলে বিশেষ বেংকটোৰ এজেণ্টে৷ গতিকে হাতত ধনৰ টোপোলা লৈ সেইস্থানত উপস্থিত হ’বলৈ বাধ্য হ’ল মালিক৷ তেওঁ পৰিশোধ কৰিলে কিস্তিৰ ধন৷
এই ঘটনাটো বিহাৰৰ জমুই জিলাত সংঘটিত হৈছে৷ বেংকৰ এজেণ্টৰ মতে তিনিমাহ পূৰ্বে গাড়ীৰ কিনাৰ পৰা মালিকে এবাৰো ধাৰ পৰিশোধ কৰা নাই৷ বেংকৰ তৰফৰ পৰা তেওঁক ধাৰ মাৰিবলৈ জাননী জাৰি কৰা হৈছিল৷ কিন্তু মালিকে শিয়ালবাগী দি পইচা দিয়া নাছিল৷ সেয়ে ট্ৰাকখন অনুসৰণ কৰি আছিল বেংকৰ এজেণ্টে৷ ক’ত ট্ৰাকৰ ড্ৰাইভাৰে খাদ্য খাই সেয়াও চাই আছিল৷ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত জমুই জিলাৰ এখন বিশেষ ধাবাত ট্ৰাকৰ ড্ৰাইভাৰে খাদ্য খাই থকা বুলি জানি বেংকৰ এজেণ্ট উপস্থিত হ’ল৷ তাতে ৰৈ থকা এখন JCBৰ ড্ৰাইভাৰৰ সৈতে কথা পাতি চাৰিওদিশে খান্দিলে দ গাত৷ ওলাব নোৱাৰা হোৱাৰ পিছতহে ট্ৰাকৰ মালিকে মুঠি খুলিলে৷ গাড়ী কিনি পইচা নিদিয়া মালিকে ৰাম ৰাম মানি গ’ল৷



