কাণত ধৰি আঁঠু কাঢ়িহে পালে ৰেহাই

দেখিছেনে বাৰু কি হৈ গ’ল
ল’ৰা-ছোৱালীকেইটাই নতুনকৈ পাইছিল যৌৱনৰ মাদকতা৷ যৌৱনে মূৰত ধৰিছিল তেওঁলোকৰ৷ সেয়ে লাজ-মান কাটি কৰি পথৰ কাষতে ৰোমাঞ্চত ব্যস্ত আছিল কেবাযোৰাও প্ৰেমাস্পদ৷ কিন্তু ঘটনাবোৰ মানুহৰ চকুত পৰিল৷ তাৰ পৰিণতি ভাল নহ’ল৷ প্ৰত্যক্ষদৰ্শীয়ে ধৰি কাণত ধৰাই আঁঠু কঢ়ালে প্ৰেমাস্পদক৷ একেকোবে তেওঁলোকৰ যৌৱনৰ নিচা ফাটি গ’ল৷ গোমোঠা মুখেৰে কিশোৰীসকলেও কাণত ধৰি আঁঠু কাঢ়িলে৷ মুকলিতে ৰোমাঞ্চৰ দৰে ভুল আৰু কেতিয়াও নকৰোঁ বুলি খাবলগীয়া হ’ল শপত৷ তেওঁলোকে কাণত ধৰি আঁঠু কঢ়াৰ পিছত অৱশ্যে পুলিচক দিয়াৰ সলনি এৰি দিলে গঞাই৷
ঘটনাটো নামনি অসমৰ৷ সেইদিনা পথৰ কাষতে কিছুমান অস্বাভাৱিক শব্দ শুনিছিল বিশেষ গাঁৱখনৰ লোকে৷ খোজ কাঢ়িবলৈ যোৱাৰ সময়ত পথৰ দাঁতিৰ বননিত নাৰীকণ্ঠ শুনি তেওঁলোকে অনুসন্ধান কৰিলে৷ টৰ্চ মাৰি চৌদিশে চালে৷ তেতিয়া পথৰ দাঁতিতে দেখিলে কেবাখনো মটৰ চাইকেল৷ বিচাৰ-খোচাৰ কৰি শেষত এটা পৰিত্যক্ত চৰকাৰী ঘৰত গাঁৱৰ ৰাইজে দেখা পালে কেবাযোৰো প্ৰেমাস্পদক৷ তেনেই কোমলবয়সীয়া প্ৰেমিক চৰাইবোৰে নিশাও ৰোমাঞ্চ কৰি আছিল৷ গাঁৱৰ মানুহ পৰিত্যক্ত ঘৰটোৰ ফালে নোযোৱাৰ সুযোগ লৈ তেওঁলোকে প্ৰৱেশ কৰিছিল৷ ঘৰটো হৈ পৰিছিল তেওঁলোকৰ বেডৰূম৷
কিন্তু আজি কঁপাল ভাল নাছিল প্ৰেমিক চৰাইবোৰৰ৷ তেওঁলোকে উৰি যাবলৈয়ো সুবিধা নাপালে৷ নাতিদূৰৰ কিশোৰ-কিশোৰীৰ দলটোক বন্দী কৰি গাঁৱৰ কেবাজনো ডেকাই উলিয়াই আনিলে৷ তেওঁলোকক পথৰ মাজলৈ আনি প্ৰথমে চিনাক্ত কৰা হ’ল৷ উদ্ধাৰ কৰাৰ সময়ত নিৰ্বস্ত্ৰ হৈ আছিল কিশোৰীসকল৷ অৱশ্যে সন্মান ৰক্ষা কৰি তেওঁলোকক প্ৰথমে কাপোৰ পিন্ধিবলৈ দিয়া হ’ল সুবিধা৷ তাৰ পিছতে কাণত ধৰাই আঁঠু কঢ়ালে গাঁৱখনৰ ৰাইজে৷ কিন্তু কাহিনীটো সিমানতে শেষ নহ’ল৷ তেওঁলোকৰ অভিভাৱককো মাতি অনা হ’ল৷ প্ৰেমলীলাত মগ্ন হৈ থকা কিশোৰ-কিশোৰীৰ অভিভাৱকে দেখিলে জীয়েক-পুতেকৰ অৱস্থা৷ পিতৃৰ সন্মুখতে কাণত ধৰি গাঁৱৰ ৰাইজক কিশোৰ-কিশোৰীয়ে ক্ষমা খুজিলে৷ এইটো ঘটনা নলবাৰীৰ৷ গাঁৱৰ ৰাইজে জনোৱা মতে প্ৰায়ে সেই পৰিত্যক্ত চৰকাৰী ঘৰটোত সোমাই প্ৰেমাস্পদ৷ তেওঁলোকে সুবিধা বুজি বিশেষ ঘৰটোত বেশ্যালয়লৈ পৰ্যৱসিত কৰিছে৷
পথাৰৰ মাজত থকা ঘৰটোৰ পৰা প্ৰায়ে উদ্ধাৰ হয় মদৰ বটল আৰু কনড’ম৷ সেয়ে বৰ্তমান ঘৰটোত প্ৰৱেশ কৰা লোকসকলৰ ওপৰত কঠোৰ নজৰ ৰাখিবলৈ ধৰিছে গাঁৱখনৰ ৰাইজে৷ তাৰ ফলতে নিৰ্বস্ত্ৰ অৱস্থাতে ধৰা পৰিছে কেবাযোৰো প্ৰেমাস্পদ৷ গাঁৱৰ ৰাইজৰ চিনাকি কিশোৰ-কিশোৰীৰ দলটো স্থানীয় জুনিয়ৰ কলেজৰ শিক্ষাৰ্থী৷ তেওঁলোকে কলেজৰ ইউনিফৰ্মৰেই তাত প্ৰৱেশ কৰিছিল৷ দিনটো চহৰীয়া এলেকাত এনজয় কৰি নিশা পৰিত্যক্ত চৰকাৰী গৃহত কামনা পূৰণ কৰিবলৈ চেষ্টা কৰিছিল প্ৰেমাস্পদে৷
এনজয় কৰিবলৈ চেষ্টা কৰি মান-সন্মান হেৰুৱালে কিশোৰ-কিশোৰীৰ দলটোৱে৷ তেওঁলোকক অভিভাৱকৰ হাতত স্থানীয় ৰাইজে গতাই দিলে৷ অভিযোগ অনুসৰি সেই ঘৰটোত এইসকল শিক্ষাৰ্থীক আগতেও দেখা গৈছিল৷ তেওঁলোকৰ বাবে পৰিৱেশ বেশ্যালয়সদৃশ হৈ পৰিছিল৷ গতিকে গঞাই কঢ়া নজৰ ৰাখিছিল৷ ঘটনাটোৱে অসমৰ উদীয়মান প্ৰজন্মৰ মাজৰ বিশৃংখলতা প্ৰমাণিত কৰিছে৷ প্ৰেম মানেই যে শৰীৰ উপভোগ সেইটোহে বুজি পাইছে অসমৰ উদীয়মানে৷ তেওঁলোকে বিশ্বাস কৰে একমাত্ৰ শৰীৰী খেলাত৷