কলেজীয়া ছাত্ৰীৰ চুলিয়াচুলি

পঢ়া-শুনা পিছৰ কথা, দৰকাৰী হৈছে বয়ফ্ৰেণ্ড
কলেজত পঢ়িবলৈ যোৱা ছোৱালীৰ থাকিবই লাগিব প্ৰেমিক
সেইবাবে কলেজত দুৰ্বাদল কাজিয়া কৰিলে ছাত্ৰীয়ে৷ প্ৰফেছৰেও তেওঁলোকক শান্ত কৰিব নোৱাৰিলে৷ কোনে কাৰ বয়ফ্ৰেণ্ডক মেছেজ দিছে সেইটো জানিবলৈ প্ৰফেছৰে তদন্ত কৰিবলগা হ’ল৷ ঘটনাটো এখন আগশাৰীৰ কলেজত সংঘটিত হ’ল৷ কলেজখনত সেইদিনা আছিল নৱাগত আদৰণী সভা৷ অনুষ্ঠান ভালে ভালে শেষ হৈছিল৷ তেতিয়ালৈকে একো উত্তেজনা নাছিল৷ হঠাতে ক্লাছতে দুগৰাকী ছাত্ৰীয়ে চিঞৰি চিঞৰি কাজিয়া কৰিবলৈ ধৰিলে৷ তেওঁলোকৰ চিঞৰ শুনি দৌৰি ক্লাছটোত সোমালগৈ প্ৰফেছৰ৷ ঘটনাটো কি জানিবলৈ তেওঁ চেষ্টা কৰিলে৷ তেতিয়াহে প্ৰফেছৰে জানিলে যে কাজিয়াৰ মূল কাৰণ হৈছে দুয়োৰে বয়ফ্ৰেণ্ড৷
আচলতে ক্লাছটোৰ এগৰাকী ছাত্ৰীৰ ছিনিয়ৰ ছাত্ৰৰ সৈতে সম্পৰ্ক আছিল৷ দুয়ো ভালদৰে আগবঢ়াই নিছিল সম্পৰ্ক৷ কিন্তু সেই সময়তে তেওঁৰে এগৰাকী সহপাঠীয়ে দিগদাৰ কৰিলে৷ তেওঁৰ বয়ফ্ৰেণ্ডক সহপাঠীয়ে প্ৰপ’জ কৰিলে৷ লুটুৰা যুৱকজনে ধৈৰ্য ধৰিব নোৱাৰিলে৷ তেওঁ দুয়োগৰাকীৰ সৈতে ডেটিং আৰম্ভ কৰিলে৷ কিন্তু পুৰণি প্ৰেমিকাই উদঘাটন কৰিলে তেওঁৰ বয়ফ্ৰেণ্ডে খেলি থকা ডাবল গেম৷ ফে’চবুকত লাভ ৰিয়েক্ট দিয়াৰ বাবে আৰম্ভ হোৱা সংঘাত বাঢ়ি গ’ল৷ সহপাঠীৰ সৈতেও প্ৰেমিকে ডেট কৰি থকা বুলি জানি পুৰণি প্ৰেমিকাই ধৈৰ্য ধৰিব নোৱাৰিলে৷ ক্লাছতে তেওঁ সহপাঠী ছোৱালীজনীক মাৰি দিলে কাণতলীয়া চৰ৷
দুয়োৰে আকস্মিক কাজিয়াত আনসকল হতচকিত হৈ পৰিল৷ তেওঁলোকক শান্ত কৰিবলৈ সকলোৱে চেষ্টা কৰিলে৷ কিন্তু কোনেও দুয়োকে বলে নোৱাৰিলে৷ প্ৰফেছৰে বয়ফ্ৰেণ্ডৰ বাবে কাজিয়া লগা বুলি গম পাই সেই বিশেষ যুৱকজনক ক্লাছলৈ মাতিলে৷ যুৱকজনক দুয়োৰে সন্মুখত স্পষ্টীকৰণ দিয়াৰ সুবিধা দিলে৷ কিন্তু দুই প্ৰেমিকাৰ সন্মুখত একো ক’ব নোৱাৰি নীৰৱে থাকিল ডাবল গে’ম খেলা প্ৰেমিক৷ তেওঁ নীৰৱে থকাত পুৰণি প্ৰেমিকাৰ বেছি খং উঠিল৷ চুলিয়াচুলি লাগি তেওঁ বগৰাই দিলে বেইমানী কৰা সহপাঠীক৷ অৱশ্যে তেতিয়া বিষয়টো মীমাংসা কৰিবলৈ কলেজৰ প্ৰিন্সিপালে গঠন কৰি দিলে এখন তদন্ত কমিটী৷
সেই কমিটীখনৰ সন্মুখত দুই প্ৰেমিকাৰ সৈতে বহুওৱা হ’ল যুৱকজনক৷ তেওঁলোক প্ৰতিজনৰে জবানবন্দী ল’লে কলেজৰ প্ৰফেছৰে৷ কিন্তু আশ্বৰ্যকৰভাৱে তেতিয়া পুৰণি প্ৰেমিকাক ভাল নাপাওঁ বুলি ক’লে লুটুৰা যুৱকজনে৷ তেওঁ নতুনকৈ সম্পৰ্ক হোৱা প্ৰেমিকাৰ প্ৰতিহে আকৰ্ষণ প্ৰকাশ কৰিলে৷ গতিকে বিষয়টো মীমাংসা হৈয়েই গ’ল৷ কলেজৰ প্ৰফেছৰে কাজিয়া লগা ছোৱালীজনীক প্ৰেম এৰি ভালকৈ পঢ়িবলৈ পৰামৰ্শ দিলে৷ কিন্তু প্ৰেমিকে গড্ডাৰি কৰা যুৱতীগৰাকীয়ে তাৰ পিছতো মনৰ দুখ পাহৰিব নোৱাৰিলে৷
তেওঁ আকৌ ক্লাছত পাই দগৰি পিটিলে বেইমান সহপাঠীক৷ তেওঁৰ বুকুৰ পৰা প্ৰেমিকাক কাঢ়ি নিয়া সহপাঠীক যুৱতীগৰাকীয়ে চুলিত ধৰি বগৰাই দিলে৷ এইটো ঘটনা অসমৰে এখন আগশাৰীৰ কলেজত সংঘটিত হ’ল৷ তাত পঢ়ুওৱাৰ পৰিৱৰ্তে প্ৰফেছৰে প্ৰেমৰ অংক মিলাবলগীয়া হ’ল৷ প্ৰেমৰ অংক কৰি প্ৰফেছৰে কলেজতে ছাত্ৰীৰ সংসাৰ পাতি দিলে৷ প্ৰেমত ঠগন থোৱা ছাত্ৰীক ভালকৈ পঢ়াৰ উপদেশ দিলে৷