নৱৰাত্ৰিৰ আন এটা নাম লাভৰাত্ৰি
পৱিত্ৰ উৎসৱৰ সময়ত বৃদ্ধি পাইছে কনড’মৰ বিক্ৰী
বজাৰ ভাল হৈছে৷ এনিশাতে বিক্ৰী হৈছে কোটিটকাৰ কনড’ম৷ কথাটো অলপো মিছা নহয়৷ কনড’ম উৎপাদনকাৰী কোম্পানীৰ মতেই নৱৰাত্ৰিৰ দৰে উৎসৱৰ সময়ত নৱৰাত্ৰিৰ সময়ত বৃদ্ধি হয় কনড’মৰ চাহিদা৷ আশ্বৰ্যকৰ যেন লাগিলেও সত্য হৈছে যে হিন্দুধৰ্মীয় উৎসৱৰ সময়ত এইবাৰো বাঢ়িছে কনড’মৰ চাহিদা৷ এইবাৰ বজাৰত ৩০ শতাংশ কনড’ম বেছিকৈ যোগান ধৰিবলগীয়া হৈছে৷ কেৱল মেনফ’ৰ্চেই নৱৰাত্ৰিৰ বাবে কনড’ম উৎপাদন ৪০ শতাংশ বৃদ্ধি কৰিছে৷ নৱৰাত্ৰিত শাৰিৰীক সম্ভোগ কৰা হিন্দুৰ পছন্দৰ কনড’ম হৈছে ষ্ট্ৰ’বেৰী ফ্লেভাৰৰ৷ অৱশ্যে আধুনিক ক্ৰেতাই বানানা ফ্লেভাৰৰ কনড’মো পছন্দ কৰিছে৷ তাৰোপৰি খেজুৰৰ সুগন্ধিযুক্ত কনড’মৰ চাহিদা কিছুদিনৰ পৰা বাঢ়িছে৷ তথাপি ষ্ট্ৰ’বেৰী ফ্লেভাৰৰ কনড’মেই সবাতোকৈ বেছি গ্ৰাহকৰ পছন্দ৷ সেয়ে সকলো কোম্পানীয়ে বঢ়াই দিছে উৎপাদন৷
গুজৰাটীৰ বাবে জাতীয় উৎসৱত কনড’মৰ বিক্ৰী বৃদ্ধি হোৱাৰ স্পষ্ট প্ৰভাৱ বজাৰত পৰিছে৷ গুজৰাটত চাহিদা যিমানে বাঢ়িছে সিমানে দেশৰ আনপ্ৰান্তলৈ কনড’ম যোগান হ্ৰাস পাইছে৷ খবৰ অনুসৰি দেশৰ বিভিন্ন কোম্পানীয়ে যিমান কনড’ম উৎপাদন কৰে তাৰে ৭০ শতাংশই সম্প্ৰতি গুজৰাটতে বিক্ৰী হৈছে৷ দাণ্ডিয়া খেলি ঘৰমুৱা হোৱা দম্পত্তিয়ে ফাৰ্মাচীৰ পৰা নি:সংকোচে ক্ৰয় কৰিছে ফ্লেভাৰড কনড’ম৷ অৱশ্যে কনড’মৰ বেছিভাগ গ্ৰাহক হৈছে আধুনিক প্ৰেমাস্পদ৷ তেওঁলোকে দাণ্ডিয়া খেলৰ আগতেই কনড’ম ক্ৰয় কৰি আজৰি হৈ আছে৷ নৱৰাত্ৰিৰ সময়ত নিশাপৰ্যন্ত ঘৰৰ বাহিৰত থাকিবলৈ স্বাধীনতা পোৱা গুজৰাটী প্ৰেমাস্পদে এই সময়ছোৱাৰ উচিত ব্যৱহাৰ কৰিছে৷ সংগমৰ সবাতোকৈ উপযুক্ত ঋতু হৈ পৰিছে শৰৎ৷
শাৰদীয় বতৰত যিমানে গাৰ্বা নাচিছে সিমানে বাঢ়িছে শাৰিৰীক সম্পৰ্কৰ ভোক৷ অৱশ্যে এই বিষয়টো কোনেও অনুমানৰ ভিত্তিত কোৱা নাই৷ মেনফ’ৰ্চে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে নৱৰাত্ৰিৰ সময়ত আয় কৰিছে ৪ কোটি টকা৷ কিন্তু গুজৰাটৰ দৰে ৰক্ষণশীল ৰাজ্যত সাধাৰণতে কনড’মৰ বিক্ৰী কম৷ বছৰৰ এই সময়ছোৱাতে গুজৰাটত সৰ্বাধিক কনড’ম বিক্ৰী হয় বুলি প্ৰকাশ কৰিছে মেনফ’ৰ্চে৷ ডিউৰেক্সে প্ৰকাশ কৰামতে নৱৰাত্ৰিত কোম্পানীটোৱে ২ কোটি টকাৰ ডটেড কনড’ম বিক্ৰী কৰিছে৷ এতিয়া নৱৰাত্ৰি আৰম্ভ হওতেই সকলো কোম্পানীৰে বাঢ়িছে লাভ৷ কনড’ম বিক্ৰেতাই দেশৰ আনপ্ৰান্তলৈ যোগান কমাই দিছে৷
গুজৰাট, মহাৰাষ্ট্ৰ আদিত যিমানে কনড’মৰ চাহিদা বৃদ্ধি হৈছে সিমানে অসমৰ বজাৰত হৈছে নাটনি৷ গুৱাহাটীৰ বৈশ্য উপাধিৰ এজন পাইকাৰী বিক্ৰেতাই প্ৰকাশ কৰা অনুসৰি অহা এসপ্তাহলৈ তেওঁক কনড’ম যোগান ধৰিব নোৱাৰিব বুলি জনাই দিয়া হৈছে৷ ডিউৰেক্সৰ কনড’ম বিক্ৰী কৰা ব্যৱসায়ীয়েও আনিব পৰা নাই সামগ্ৰী৷ কাৰণ এই সময়ছোৱাত উত্তৰ ভাৰতত কনড’ম চাহিদা আকাশলংঘী হৈ পৰিছে৷ ৩০ শতাংশ বৰ্ধিত বিক্ৰয়ৰ বাবে পশ্চিমবংগতো হৈছে কনড’মৰ অভাৱ৷ গুৱাহাটীত পুৰণি ষ্টকেৰেই কিছুদিন বজাৰ চলিব লাগিব বুলি সকলো ফাৰ্মাচীকে জনোৱা হৈছে৷ অৱশ্যে স্থানীয় কোম্পানীয়ে নাটনিৰ সুযোগ ঠিকেই গ্ৰহণ কৰিছে৷ গুৱাহাটীতে কনড’ম উৎপাদন কৰা প্ৰতিষ্ঠানে নৱৰাত্ৰিত যোগান ধৰিছে সামগ্ৰী৷



