উৰাবাতৰি সঁচা প্ৰতিপন্ন হৈছে৷ ধাৰাবাহিক চেষ্টাৰ পিছত ২৮ দিনীয়া ৰিচাৰ্জ প্লেনৰ সময় এমাহলৈ বৃদ্ধি কৰাৰ বাবে বাধ্য হৈছে টেলিকম প্ৰতিষ্ঠান৷ সেইসূত্ৰে এতিয়াৰ পৰা প্ৰতিটো দূৰসংযোগ প্ৰতিষ্ঠানে ২৮ৰ সলনি ৩০ দিনীয়া ৰিচাৰ্জ প্লেন দিব লাগিব৷
ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাই দিছে এই ভাল খবৰটো৷ আপত থকা সময়ত সংসদতো বিষয়টো উত্থাপন কৰা চাদ্দাৰ তথ্যমৰ্মে টেলিকম নিয়ামক সংস্থা ট্ৰায়ে এতিয়াৰ পৰা প্ৰিপেইড গ্ৰাহকসকলৰ বাবে ৩০ দিনৰ ৰিচাৰ্জ প্লেন বাধ্যতামূলক কৰিছে।
এই সিদ্ধান্তৰ ফলত দেশৰ কোটি কোটি প্ৰিপেইড মোবাইল গ্ৰাহক প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব। পূৰ্বে দেশৰ টেলিকম কোম্পানীয়ে প্ৰিপেইড গ্ৰাহকসকলক মাহেকীয়া ৰিচাৰ্জৰ নামত কেৱল ২৮ দিনৰ বৈধতা থকা প্লেন প্ৰদান কৰিছিল।
ইয়াৰ ফলত প্ৰতিটো মাহতে বাকী ৰৈ যোৱা ২ৰ পৰা ৩ দিনৰ বাবে গ্ৰাহকসকলে বছৰত মুঠ ১২ মাহৰ সলনি ১৩ মাহৰ বাবে ৰিচাৰ্জ কৰিবলগীয়া হৈছিল। অৰ্থাৎ গ্ৰাহকসকলে কেৱল ২৮ দিনীয়া চক্ৰৰ বাবে বছৰত এটা অতিৰিক্ত ৰিচাৰ্জ কৰিবলগীয়া হৈছিল৷
এই অন্যায় ৰাঘৱ চাদ্দাই ট্ৰাই আৰু যোগাযোগ মন্ত্ৰ্যালয়ৰ দৃষ্টিগোচৰ কৰিছিল। নতুন নিৰ্দেশনা অনুসৰি প্ৰতিটো টেলিকম প্ৰতিষ্ঠানে এতিয়াৰে পৰা বাধ্যতামূলকভাৱে ন্যূনতম এটা এনে প্ৰিপেইড প্লেন ৰাখিব লাগিব, য’ত সম্পূৰ্ণ ৩০ দিনৰ ভেলিডিটি উপলব্ধ হ’ব। প্ৰতি মাহৰ একেটা তাৰিখতে ৰিনিউৱেল কৰিব পৰা মাহিলী প্লেনো দিব লাগিব।



