ফ্লিপকাৰ্ট-এমাজনৰ পৰা সামগ্ৰী ক্ৰয় কৰিলেও অতিৰিক্ত কৰ দিব লাগিব৷ ই-কমাৰ্চ ডেলিভাৰীৰ ওপৰত ৫ শতাংশ হাৰ জি এছ টি আৰোপ কৰা হ’ব৷
বৰ্তমানৰ বজাৰ ব্যৱস্থাত অনলাইন মাধ্যমৰ জৰিয়তে অৰ্ডাৰ কৰা সামগ্ৰীসমূহ গ্ৰাহকৰ বাবে লৈ যাবলৈ ট্ৰাক, ভেন, ৰে’ল, বিমান তথা স্থানীয় কুৰিয়াৰ ছাৰ্ভিচকে ধৰি বিভিন্ন পৰিবহন মাধ্যম ব্যৱহাৰ কৰা হয়৷ যিবোৰৰ ওপৰত পূৰ্বে কৰৰ হাৰ ভিন্নধৰণে প্ৰযোজ্য আছিল।
কিন্তু চৰকাৰী স্পষ্টীকৰণ অনুসৰি সামগ্ৰী যেনেদৰেই প্ৰেৰণ কৰিলেও প্ৰক্ৰিয়াটোত অতিৰিক্তভাৱে ৫ শতাংশ জি এছ টিৰ নিয়ম বলৱৎ কৰা হ’ব।
নতুন নিয়মৰ ফলত দেশৰ খুচুৰা ই-কমাৰ্চ বজাৰত প্ৰভাৱ পৰিব৷ সম্প্ৰতি বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এমাজন, ফ্লিপকাৰ্ট আদিয়ে লজিষ্টিক নেটৱৰ্ক সম্প্ৰসাৰিত কৰিছে। কিন্তু চৰকাৰৰ মতে ৫ শতাংশ জি এছ টিৰ ব্যৱস্থাই লজিষ্টিক খণ্ডত কৰৰ জটিলতা হ্ৰাসহে কৰিব৷
পূৰ্বে বিভিন্ন লজিষ্টিক প্ৰতিষ্ঠানে পথ, ৰে’ল বা বিমান পৰিবহণৰ ভিন্ন শ্ৰেণীৰ ওপৰত ভিত্তি কৰি জি এছ টি আদায় কৰিছিল৷ যাৰ ফলত কৰ বিভাগ আৰু ব্যৱসায়ী বিভ্ৰান্ত হৈছিল৷
এতিয়া সেয়ে ই-কমাৰ্চ সামগ্ৰীৰ ডেলিভাৰীৰ সৈতে জড়িত প্ৰতিটো পৰিবহণ মাধ্যমত একেটা নিৰ্দিষ্ট হাৰ অৰ্থাৎ ৫ শতাংশ কৰ কাৰ্যকৰী হোৱাটো নিশ্চিত হৈছে।



