একো ভুল কৰা নাছিল নিৰীহ বেপাৰী ৰিজৱানে
তথাপি তেওঁ হিন্দুত্ববাদীৰ মাৰ খাই প্ৰাণত্যাগ কৰিবলগীয়া হ’ল
আফছাৰ নামৰ যুৱকজন উচ্চশিক্ষিত৷ চাকৰি নাপাই তেওঁ ম’হ বেপাৰ কৰিছিল৷ লোকৰ পৰা ম’হ কিনি বজাৰত বিক্ৰী কৰাটো আছিল আফছাৰৰ জীৱিকা৷ মাজতে উত্তৰ প্ৰদেশ চৰকাৰে গৰু-ম’হৰ বেপাৰ কৰা লোকসকলে লাইচেন্স লোৱাটো বাধ্যতামূলক কৰিছিল৷ সেইমতে লাইচেন্সো লৈছিল আফছাৰে৷ তেওঁ ম’হৰ বেপাৰ কৰি লাখপতি হৈছিল৷ তাতে চকু পৰিছিল হিন্দুত্ববাদী গুণ্ডাৰ৷ ৰিজৱানক আক্ৰমণ কৰিবলৈ হিন্দু গুণ্ডাই সুযোগ বিচাৰি ফুৰিছিল৷ চৰকাৰী নিয়ম মানি চলা বাবে তেওঁক বাধা দিবলৈ সুযোগেই পোৱা নাছিল৷ কিন্তু শেহতীয়াকৈ এটা দৰিদ্ৰ হিন্দু পৰিয়ালৰ ম’হ কিনিবলৈ যাওতে তেওঁ আক্ৰমণৰ বলি হ’ল৷
উত্তৰ প্ৰদেশৰ কৌশম্বী জিলাৰ যুৱক আফছাৰ আলিয়ে ম’হ বেপাৰৰ ধনেৰে নিৰ্মাণ কৰিছিল সুদৃশ্য ঘৰ৷ সেয়ে তেওঁ হিন্দুত্ববাদীৰ লক্ষ্য হৈ পৰিছিল৷ চৰকাৰী নিয়মৰ ভিত্তিত বজাৰত ম’হ বেচা আফছাৰ আছিল MA পাছ৷ কিন্তু লাজ নকৰি তেওঁ ব্যৱসায় চলাই গৈছিল৷ আফছাৰে শেহতীয়াকৈ কৌশম্বী জিলাৰ এটা দুখীয়া হিন্দু পৰিয়ালৰ পৰা ম’হ ক্ৰয় কৰিছিল৷ সেইবাবে তিনিদিন হিন্দু পৰিয়ালটোৰ ঘৰলৈ গৈছিল আফছাৰ আলি৷ সেইটোৱেই তেওঁক আক্ৰমণৰ সুৱৰ্ণ সুযোগ বুলি গণ্য কৰিলে হিন্দুত্ববাদীয়ে৷ দৰিদ্ৰ পৰিয়ালটোক সকাহ দি ম’হ ক্ৰয় কৰাৰ পিছতে আফছাৰক আক্ৰমণ কৰা হ’ল৷ বাইকেৰে ওলাই অহাৰ পিছতে ৰাস্তাত তেওঁক আক্ৰমণ কৰিলে দুৰ্বৃত্তই৷ প্ৰথমে আফছাৰে ঘটনাৰ কাৰণ কি বুজি পোৱা নাছিল৷
তেওঁ কিয় হিন্দুত্ববাদীৰ আক্ৰমণৰ বলি হৈছে সেয়া বুজা নাছিল নিৰীহ যুৱকজনে৷ পিছে আফছাৰক একো সুধিবলৈ হিন্দু ৰক্ষা দলৰ সদস্যই সময় নিদিলে৷ তেওঁক ৰাস্তাৰ পৰা কাষলৈ টানি নিয়া হ’ল৷ এদল গুণ্ডাই মূৰত মাৰি তেওঁক বগৰাই পেলালে৷ আফছাৰে প্ৰত্যাক্ৰমণ কৰিবলৈ সুযোগেই নাপালে৷ লাভ জেহাদী বুলি অভিহিত কৰি আফছাৰ আলিক প্ৰহাৰ কৰা হ’ল৷ তেওঁ ঘটনাৰ আকস্মিকতাত হতভম্ব হোৱাৰ সময়তে হিন্দুত্ববাদীয়ে নিৰ্মম প্ৰহাৰ কৰিলে৷ হিন্দুৰ ঘৰৰ পৰা ক্ৰয় কৰা ম’হ নিজৰ কৰ্মীৰ হাতত দি পঠিওৱা যুৱকজন অচেতন হৈ বহুসময় পথৰ কাষতে পৰি থাকিল৷ তেওঁক কমেও দুঘণ্টাৰ পিছতহে আৰক্ষীয়ে উদ্ধাৰ কৰিলে৷ কিন্তু তেতিয়ালৈ নিৰীহ আফছাৰ আলিৰ শৰীৰ প্ৰায় নিথৰেই হৈ পৰিছিল৷
দুঘণ্টা পিছত হস্পিতেলত ভৰ্তি কৰোৱা আফছাৰ আলি তিনিদিন ICUত ভৰ্তি হৈ থাকিল৷ তেওঁক বচাব নোৱাৰিলে ডাক্তৰে৷ পৰিয়ালে প্ৰকাশ কৰা অনুসৰি হিন্দুৰ ঘৰৰ পৰা ম’হ ক্ৰয় কৰিবলৈ আফছাৰক গুণ্ডাই বাধা দিছিল৷ কিন্তু ব্যৱসায়ৰ বাবে ধৰ্মৰ বিচাৰ নকৰাকৈ সকলোৰে পৰা ম’হ কিনিব বুলি তেওঁ জনাই দিছিল৷ তাৰ পিছতে তেওঁ আক্ৰমণৰ চিকাৰ হৈ পৰিল৷ দৰিদ্ৰতাৰ পৰা উত্থান ঘটাবলৈ সক্ষম হোৱা আফছাৰ আলি আছিল পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ৷ তাৰোপৰি আফছাৰে কিছুদিন পূৰ্বে বিয়াও পাতিছিল৷ তেওঁ ক্ৰমাৎ ব্যৱসায়ৰ পৰিসৰ বহলাই তুলিছিল৷ এজন মুছলমান যুৱক সফল ব্যৱসায়ী হোৱাটো হিন্দুত্ববাদীয়ে সহ্য কৰিব নোৱাৰিলে৷ সেয়ে হিন্দুৰ ঘৰৰ পৰা ম’হ কিনিব গৈ লাভ জেহাদ কৰা বুলি আফছাৰক দোষী কৰিলে৷ বেপাৰ কৰিবলৈ গৈ হিন্দুত্ববাদীৰ মাৰ খাই প্ৰাণত্যাগ কৰিলে আফছাৰে৷



