এইবাৰ বিয়া পাতিবলৈ বাধ্য লুটুৰা

মিল্কী বিউটীয়ে খুব ভাল পাইছিল বিজয় বাৰ্মাক৷ লায়েকৰ মানুহ নহ’লেও মিল্কী বিউটী তমন্না ভাটিয়াই বিজয়ক স্বামী বুলি ভাবিছিল৷ তমন্না ভাটিয়াই বিয়াৰ কথা ভাবিছিল৷ কিন্তু প্ৰেমিক বিজয় বাৰ্মাৰ বাবে কেৰিয়াৰহে বেছি গুৰুত্বপূৰ্ণ আছিল৷ তমন্নাই বিয়াৰ কথা উলিয়ালেই বিজয়ে ফালৰি কাটিছিল৷ অতিষ্ঠ হৈ শেষত সেয়ে তমন্নাই ব্ৰেক-আপ কৰিলে৷ ঢকঢকীয়া বগা তমন্নাৰ দৰে সুন্দৰী গাৰ্লফ্ৰেণ্ডে এৰি যোৱাৰ পিছতো বিজয় দুখী হোৱা নাছিল৷ কাৰণ তেওঁ কোনো মহিলাৰ সৈতে স্থায়ী সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰে৷ আচলতে বিজয় বাৰ্মা লিভিং টুগেদাৰৰ বাবেহে আগ্ৰহী৷ বিবাহৰ বিষয়ে বিজয় বাৰ্মাই কেতিয়াও নাভাবে৷
সেয়ে বিজয়ে তমন্নাৰ পিছতো চিকাৰীৰ দৰে হৈ পৰিল৷ কেবাগৰাকী মহিলাক নিজৰ জালত ফচাই বিজয়ে শৰীৰ উপভোগ কৰিলে৷ বলীউডত নাৰীৰ প্ৰতি আসক্ত পুৰুষ হিচাপে পৰিচিত হৈ পৰিল বিজয়৷ কিন্তু এইবাৰ বিজয় বাৰ্মাই বেয়া ঠাইত হাত দিলে৷ বলীউডত দন্দুৰী হিচাপে পৰিচিত ফাতিমা ছানা শ্বেখৰ সৈতে বিজয় ফচি গ’ল৷ বিয়া নাপাতিলে বিজয়ক এৰি নিদিয়ে বুলি ফাতিমাই প্ৰকাশ কৰিলে৷ লিভিং কৰি পলোৱাৰ ধান্দা কৰা বিজয়ক ফাতিমাই এসেকা দিলে৷ সেয়ে বিজয়ো বিয়াৰ বাবে সন্মত হ’বলৈ হ’ল৷
মিল্কী বিউটী তমন্না ভাটিয়াৰ সৈতে ৰিলেশ্যনশ্বিপত থাকোতে বিজয় বদনামী নাছিল৷ কিন্তু তমন্নাই এৰি দিয়াৰ পিছতে বিজয় তেজৰ সোৱাদ পোৱা বাঘৰ লেখিয়া হৈ পৰিল৷ তেওঁ যেন বিচাৰিবলৈ ধৰিলে নতুন নাৰীদেহৰ সোৱাদ৷ বিজয় নাৰীসংগ অবিহনে থাকিব নোৱাৰা হ’ল৷ মাজতে বিজয়ে শ্ৰদ্ধা কাপুৰৰ সৈতেও সম্পৰ্ক কৰিলে৷ অনন্যা পাণ্ডেকো প্ৰপ’জ কৰিলে বিজয়ে৷ জানৱী কাপুৰৰ সৈতেও বিজয়ক দেখা গ’ল৷ তথাপি কাৰোৰে সৈতে বিজয়ৰ সম্পৰ্ক স্থায়ী নহ’ল৷ শেষত বিজয়ে ফাতিমা ছানা শ্বেখক প্ৰেমত ব্যাকুল কৰি পেলালে৷ ফাতিমাই বিজয়ক সুধিহে পিন্ধা হ’ল কাপোৰ৷ দুয়ো একেলগে চিনেমাতো অভিনয় কৰিলে৷
কিন্তু এইবাৰো একেটাই বুদ্ধি পাঙিছিল বিজয়ে৷ ফাতিমাৰ যৌৱন উপভোগ কৰি পলায়ন কৰাটো আছিল বিজয়ৰ উদ্দেশ্য৷ পিছে ফাতিমা বিজয়ৰ আন প্ৰেয়সীৰ দৰে নিৰ্জু নহয়৷ কাজিয়া কৰা স্বভাৱৰ বাবে ফাতিমা বলীউডত পৰিচিত৷ এইগৰাকী অভিনেত্ৰীয়ে বিজয়ক ব্ৰেক-আপ কৰিবলৈ সুবিধা নিদিয়া হ’ল৷ নানা অজুহাত প্ৰদৰ্শন কৰি বিজয়ে ফাতিমাক এৰিব বিচাৰিলে৷ যেতিয়া বিজয়ৰ চৰিত্ৰৰ কথা গম পালে তেতিয়া ফাতিমাই ৰাজহুৱা কৰিলে সম্পৰ্ক৷ দুয়ো বান্দ্ৰাৰ এপাৰ্টমেণ্টত লিভিং টুগেদাৰ কৰি থকা বুলি ফাতিমাই জনাই দিলে৷ তাৰ পিছত পলায়নৰো চেষ্টা কৰিব নোৱাৰা হ’লে লুটুৰা স্বভাৱৰ বিজয় বাৰ্মাই৷
এইবাৰ ফাতিমাৰ সৈতে বিজয়ৰ বিয়াখন হ’বগৈ বুলি মুম্বাইৰ পদূলিশুঙা সাংবাদিকে প্ৰকাশ কৰিছে৷ শেষত মুছলমান পৰিয়ালৰ সৈতে সম্পৰ্ক কৰাটো অসম্ভৱ বুলি ফাতিমাক বিজয়ে অজুহাত দেখুৱাইছিল৷ সেইটো অজুহাতো নামানে বুলি ফাতিমাই এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে৷ বেছি চালাকামি দেখুৱাবলৈ গৈ বিজয় ফান্দত পৰিছে৷ শান্ত-শিষ্ট পাই তমন্নাক বিজয়ে ঠগন দিছিল৷ কিন্তু ফাতিমাক বিজয়ে নোৱাৰিলে৷