আমেৰিকাৰ নিৰ্বাচন বিজয়ী ভাৰতৰ জোঁৱাই আব্দুল

আমেৰিকাত মুছলমানৰো বিজয়
প্ৰথম মুছলমান হিচাপে বিজয়ী আব্দুল
মধ্যৱৰ্তী নিৰ্বাচনত মিচিগানৰ ছিনেটৰ আসন নিৰ্বাচনত বিজয়ী হৈছে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী আব্দুল এল-ছায়েদ৷ ৰিপাব্লিকান দলৰ প্ৰাক্তন কংগ্ৰেছ সদস্য মাইক ৰ’জাৰ্ছক পৰাস্ত কৰি তেওঁ বিজয়ী হৈছে৷
আব্দুল এল-ছায়েদ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইতিহাসত ছিনেটলৈ নিৰ্বাচিত হোৱা প্ৰথম মুছলমান৷ মিচিগানৰ এই আসনখন পূৰ্বে ডেম’ক্ৰেটিক দলৰ ছিনেটৰ গেৰী পিটাৰ্ছৰ দখলত আছিল৷ আনহাতে আব্দুল এল-ছায়েদৰ কৰ্ণাটকৰ সংযোগ আছে।
তেওঁৰ চিকিৎসক পত্নী ছাৰা জুকাকু হৈছে কৰ্ণাটকী৷ ছাৰাৰ ককাদেউতাক জে এইচ শ্বামছুদ্দিন জুকাকু আছিল মহীশূৰ ৰাজ্য চৰকাৰৰ আগশাৰীৰ আইনজীৱী, শিক্ষাবিদ আৰু ৰাজনীতিবিদ৷ যি ১৯৫০ ৰ দশকত মহীশূৰ চৰকাৰৰ উপ-বিত্তমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।
ভাটকলৰ পৰম্পৰাগত নাৱায়থ মুছলমান সম্প্ৰদায়ৰ শ্বামছুদ্দিন জুকাকুৱে ১৯৪৬ চনত ব’ম্বে বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ তেওঁ মুখ্যমন্ত্ৰী বি ডি জট্টিৰ মন্ত্ৰীসভাত উপ-বিত্তমন্ত্ৰী আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী এছ নিজালিংগপ্পাৰ কাৰ্যকালত বিদ্যুৎ বিভাগৰ উপ-মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷
তেওঁৰে পুত্ৰ তথা ছাৰাৰ পিতৃ ডা: জুকাকু তৈয়বে বাংগালুৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা ১৯৭৬ চনত ডিগ্ৰী লাভ কৰিছিল৷ তাৰ পিছতে ছৌদি আৰবত কাম কৰি তেওঁ ৮০ৰ দশকত আমেৰিকালৈ যায় আৰু মিচিগানৰ ডেট্ৰইটত নেফ্ৰ’লজিষ্ট হিচাপে প্ৰতিষ্ঠিত হয়।
মিচিগান বিশ্ববিদ্যালয়ত অধ্যয়নৰ সময়তে আব্দুল এল-ছায়েদৰ সৈতে ছাৰা জুকাকুৰ পৰিচয় হৈছিল৷ ২০০৬ চনৰ মে’ মাহত হৈছিল তেওঁলোকৰ বিবাহ৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত ছাৰাই ২০১৫ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰি বৰ্তমান মিচিগান বিশ্ববিদ্যালয়ৰ স্বাস্থ্য সেৱাত কাৰ্যনিৰ্বাহ কৰি আছে।