সংগঠন খুলি নেতাগিৰি দেখুৱাইছে এচাম মহিলাই
পুৰুষক অপমান লখিমপুৰৰ জাগৃত নাৰী শক্তিৰ
শেহতীয়াকৈ লখিমপুৰৰ জাগৃত নাৰী শক্তি নামৰ এটা সংগঠনটোৱে পৰকীয়া প্ৰেমৰ বিৰুদ্ধে অভিযান চলাই আছে৷ সংগঠনটোৰ নেত্ৰী মানসী ৰাজখোৱাই সহযোগীৰ সৈতে যোৰহাটৰ মনাইমাজিৰ এজন পুৰুষকো জবাবদিহি কৰিছিল৷ প্ৰথমা পত্নী থকাৰ পিছতো আকৌ বিয়া কৰোৱা লোকজনৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিল৷ কিন্তু ঘটনাটো ইমান সহজো নাছিল৷ একপক্ষীয়ভাৱে সেই পুৰুষজনক জাগৃত নাৰী শক্তিয়ে অপমান কৰা বুলি স্থানীয় লোকেই দাবী কৰিছে৷ সেই পৰিয়ালটোত পূৰ্বৰে পৰা আছে বিভাজন৷
মহেন্দ্ৰ বৰা নামৰ ৫৩ বছৰীয়া লোকজনে ১৯৯৬ চনত পুষ্পাঞ্জলী বৰাক বিয়া পাতিছিল৷ তেওঁলোকৰ দুই সন্তানো আছে৷ পিতৃ মহেন্দ্ৰ বৰাই জীয়েকক ইতিমধ্যে বিয়া দিছে৷ দেউতাকেই পুত্ৰ সন্তানৰ অধ্যয়নৰ খৰচো বহন কৰিছিল৷ কিন্তু তেওঁলোকৰ সংসাৰখন সুখৰ নাছিল৷ সেয়ে ২০১৪ চনত মহেন্দ্ৰ বৰাই প্ৰথমা পত্নীৰ সৈতে আদালতত চুক্তি কৰিছিল৷ তেতিয়া পত্নীয়ে জনাইছিল যে স্বামীৰ দ্বিতীয় বিবাহত তেওঁৰ কোনো বিৰোধিতা নাই৷ তাৰ বিনিময়ত স্বামীয়ে তেওঁৰ ভৰণ-পোষণৰ বাবে খৰচ প্ৰদান কৰিব লাগিব৷
লগতে তেওঁ নিজ ইচ্ছামতে স্বামীগৃহৰ পৰা পৰা আতৰি যোৱা সিদ্ধান্ত লৈছে বুলি আদালতত লিখি দিছিল৷ তাৰ পিছত মহেন্দ্ৰ বৰাৰ প্ৰথমা পত্নীৰ জ্ঞাতসাৰে স্বামীৰ দ্বিতীয় বিবাহ হৈছিল৷ সেই বিয়াখনত প্ৰথমা পত্নীয়ে অংশগ্ৰহণো কৰা বুলি স্থানীয় ৰাইজে সদৰী কৰিছে৷ পৰৱৰ্তী পৰ্যায়ত মহেন্দ্ৰ বৰাই প্ৰথমা পত্নীৰ পৰিয়ালক ভৰণ-পোষণৰ খৰচ আদায় দিলে৷ পিতৃ আৰু স্বামী হিচাপে দায়িত্ব পালন কৰাত তেওঁ সফলো হ’ল৷ কিন্তু বিষয়টো পৰিয়ালৰ ভিতৰত মীমাংসা হোৱাৰ পিছতো আকস্মিকভাৱে অপমানিত হ’ল বৰা৷
এতিয়া কথা হল যে ১২ বছৰে এখন সংসাৰ নিজেই পাতি দিয়াৰ পিছত প্ৰথমা পত্নীয়ে কিয় হঠাতে সাৰ পালে? জাগৃত নাৰী শক্তিৰ সৈতে তেওঁ ১২ বছৰৰ পিছত মহেন্দ্ৰ বৰাক অপমান কৰিলে৷ খবৰ অনুসৰি মহেন্দ্ৰ বৰাই প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ কৰিব পৰা নাই৷ কাৰণ প্ৰথমা পত্নী হৈছে তেওঁৰ সকলো বেংক একাউণ্ট নমিনী৷ সেয়ে প্ৰথমা পত্নীয়েও ১২ বছৰে সম্পৰ্ক নথকাৰ পিছতো মহেন্দ্ৰ বৰাৰ সৈতে ডিভ’ৰ্চ কৰা নাই৷ এতিয়া মহিলাগৰাকীয়ে জাগৃত নাৰীশক্তিৰ সৈতে মহেন্দ্ৰক অপমান কৰাৰ আঁৰত আছে ৰহস্য৷
এই ঘটনাটো সংক্ৰান্তত এজাহাৰ দাখিল কৰা হৈছে৷ আনহাতে এখন জিলাৰ পৰা আন এখন জিলালৈ অনুসন্ধানৰ বাবে গ’লে স্থানীয় থানাক জনাব লাগে৷ জাগৃত নাৰী শক্তিয়ে এই নিয়মো পালন কৰা নাই৷ এটা কথা ঠিক যে মানসী ৰাজখোৱাৰ নেতৃত্বত জাগৃত নাৰী শক্তিয়ে অসমৰ মহিলাৰ কল্যাণৰ অৰ্থে কাম কৰি আছে৷ কিন্তু তেওঁলোকে কেৱল এটা পক্ষৰ ভাষ্য শুনি মহেন্দ্ৰ বৰাক অপমানিত কৰাটো অনুচিত বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে৷ মহেন্দ্ৰ বৰাৰ প্ৰথমা পত্নীও নিৰ্দোষী নহয় বুলি দাবী কৰিছে ৰাইজে৷



