টেবলেট খাবলৈ বাধ্য হৈছিল অসমৰ হিমাশ্ৰী বড়ো
গৰু টেবলেট খুওৱা হৈছিল নাচিবলৈ যোৱা হিমাশ্ৰীক
পৰিয়ালৰ দৰিদ্ৰতা দূৰ কৰিবলৈ অন্ধ্ৰপ্ৰদেশত উপস্থিত হৈছিল হিমাশ্ৰী৷ উদ্দেশ্য আছিল নৃত্য কৰি কিছু ধন উপাৰ্জন কৰা৷ কিন্তু অন্ধ্ৰপ্ৰদেশৰ দালালে হিমাশ্ৰীক সস্তীয়া যুৱতী বুলি ভাবিছিল৷ পাষণ্ড দালালে হিমাশ্ৰীয়ে অন্ধ্ৰত দেহ ব্যৱসায় কৰিব বুলি ভাবিছিল৷ সেয়ে হিমাশ্ৰীক খুওৱা হৈছিল কিছুমান টেবলেট৷ সেইবোৰ খালে কি হয় একো জনা নাছিল হিমাশ্ৰীয়ে৷ অসমৰ পৰা যোৱাৰ সময়ত ২০ বছৰীয়া কিশোৰী হিমাশ্ৰীৰ শৰীৰ আছিল ক্ষীণকায়৷ তেনেই ক্ষীণ হিমাশ্ৰীয়ে নৃত্য কৰিলে দৰ্শক আকৰ্ষিত নহ’ব বুলি অন্ধ্ৰপ্ৰদেশৰ দালালে বিবেচনা কৰিছিল৷ সেয়ে পাষণ্ডটোৰ হেঁচাত হিমাশ্ৰীয়ে কিছুমান টেবলেট খাইছিল৷ ফোনত এই বিষয়ে বান্ধৱীক জনাইছিল হিমাশ্ৰীয়ে৷ কিন্তু টেবলেটবোৰ যে ক্ষতিকাৰক সেয়া হিমাশ্ৰীয়ে জনা নাছিল৷
অন্ধ্ৰপ্ৰদেশত হিমাশ্ৰীয়ে কেবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল৷ কিন্তু এটাও অনুষ্ঠানৰ পাৰিশ্ৰমিক তেওঁ পোৱা নাছিল৷ তথাপি পইচা পোৱাৰ আশাতে হিমাশ্ৰীয়ে নাচি আছিল৷ তেতিয়া হিমাশ্ৰীক অন্ধ্ৰৰ দালালে খাবলৈ দিছিল টেবলেট৷ প্ৰথমে হিমাশ্ৰীয়ে টেবলেটটো খাবলৈ অস্বীকাৰ কৰিছিল৷ কিন্তু সেই টেবলেট খালে শৰীৰ আকৰ্ষণীয় হয় বুলি দালালটোৱে ফুচুৱাবলৈ চেষ্টা কৰিছিল৷ দৰাচলতে সেই টেবলেটবিধ শকত হোৱা দৰৱ আছিল বুলি বান্ধৱীগৰাকীয়ে প্ৰকাশ কৰিছে৷ পিছলৈ টেবলেটবিধৰ বিষয়ে জানিব পাৰি হিমাশ্ৰীয়ে বান্ধৱীৰ ওচৰত দুখ কৰিছিল৷ পৰদেশত সন্মুখীন হোৱা দুৰ্যোগৰ বিষয়ে সবাতোকৈ ঘনিষ্ঠ বান্ধৱীক জনাই আছিল হিমাশ্ৰীয়ে৷ ৰে’লত উঠাৰ পিছতো হিমাশ্ৰীয়ে প্ৰথমে বান্ধনীকে ফোন কৰি বিপদৰ বতৰা দিছিল৷
ক্ষীণকায় হিমাশ্ৰীক শকত কৰিবলৈ অন্ধ্ৰৰ দালালটোৱে চেষ্টা কৰিছিল৷ সন্দেহ অনুসৰি শকত হোৱাৰ পিছত হিমাশ্ৰীক শ্বৰ্টছ পিন্ধাই নৃত্য কৰিবলৈ দিয়াৰ আছিল পৰিকল্পনা৷ দৰিদ্ৰ পৰিয়ালৰ হিমাশ্ৰীয়ে দালালৰ নিৰ্দেশ মানি টেবলেট খাইছিল৷ প্ৰায় ২০ দিন টেবলেটটো খোৱা বাবে হিমাশ্ৰীৰ শৰীৰ ভাৰাক্ৰান্ত হৈ পৰিছিল৷ তেওঁ যে দুৰ্বল হৈছে সেয়াও বান্ধৱীক জনাইছিল হিমাশ্ৰীয়ে৷ ক্ৰমাৎ অসুস্থ হৈ পৰাটোও আছিল অন্ধ্ৰৰ পৰা তেওঁ ততালিকে গুচি অহাৰ অন্যতম কাৰণ৷ কিন্তু হিমাশ্ৰীয়ে নৰাধম পিশাচৰ অত্যাচাৰ সহ্য কৰি শেষত অচিন ঠাইত মৃত্যুবৰণ কৰিবলগীয়া হ’ল৷ অন্ধ্ৰৰ দালালে হিমাশ্ৰীক কৰিছিল মানসিক নিৰ্যাতন৷ খাদ্যৰ লগত মিলায়ো হিমাশ্ৰীক দৰৱ খুওৱা হৈছিল বুলি সম্প্ৰতি সন্দেহ ঘনীভূত হৈছে৷
তেওঁক তাত আবদ্ধ কৰি ৰাখিবলৈ দালাল চক্ৰ তৎপৰ হৈ পৰিছিল৷ তেনেই সহজ হিমাশ্ৰীয়ে পৰিয়ালৰ দুৰৱস্থাৰ বিষয়েও ব্যাখ্যা কৰিছিল৷ দৰিদ্ৰ পৰিয়ালৰ সন্তান বুলি জানি বেশ্যাবৃত্তিত লিপ্ত কৰাবলৈ হিমাশ্ৰীক শকত হোৱাৰ টেবলেট খুৱাইছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ বিশাখাপট্টনমত নাৰকীয় নিৰ্যাতনৰ চিকাৰ হোৱা হিমাশ্ৰীয়ে তেওঁক লৈ যে পাষণ্ডই কিবা পৰিকল্পনা কৰিছে সেয়া একো গমেই নাপালে৷ সেয়ে হিমাশ্ৰীয়ে আত্মৰক্ষা কৰাৰো সুযোগ নাপালে৷ হিমাশ্ৰীয়ে আগতেই অন্ধ্ৰপ্ৰদেশৰ পৰা পলায়ন কৰাহ’লে প্ৰাণৰক্ষা পৰিলহেঁতেন৷ পিছে পাষণ্ডই ২০ বছৰীয়া ছোৱালীজনীক জী থাকিবলৈ নিদিলে৷ বেশ্যা বৃত্তিত জড়িত কৰিব নোৱাৰি হিমাশ্ৰীক মৰিবলৈ এৰি দিলে পাষণ্ডৰ জাকে৷ এই সন্দৰ্ভত অধিক অনুসন্ধান কৰিলে ভয়ংকৰ তথ্য ওলাব৷ অসমৰ কিশোৰী কেনেকৈ বৰ্হিৰাজ্যত নিৰ্যাতিত হয় সেয়াও ফাদিল হ’ব৷



