অতিষ্ঠ হৈ কৈ দিলে ঈষাই

গায়ক বাদশ্বাহ হৈছে মহা ধুৰন্ধৰ৷ বাদশ্বাহে পত্নীকো নিয্তান চলাইছিল৷ আৰক্ষীৰ তদন্তৰ পৰা ভাগ্যক্ৰমে বাদশ্বাহ বাছি গ’ল৷ কিন্তু বিগতকালত বাদশ্বাহে অতপালি কৰিছিল৷ সেয়ে তেওঁৰ সৈতে ডিভ’ৰ্চ কৰিবলৈ বাধ্য হৈ পৰিল পত্নী ঈষা৷ বৰ্তমান বাদশ্বাহ হৈছে ডুবাইৰ বাসিন্দা৷ ভাৰতত আণ্ডাৰৱৰ্ল্ডৰ ভাবুকিৰ সন্মুখীন হোৱা বুলি দাবী কৰি বাদশ্বাহ ডুবাইলৈ গৈছে৷ কিন্তু যোৱাৰ পূৰ্বে তেওঁ ডিভ’ৰ্চ দিছে পত্নী ঈষাক৷ খবৰ অনুসৰি পত্নীৰ সৈতে বাদশ্বাহৰ সম্পৰ্ক নাই৷ ৰেপাৰ বাদশ্বাহ আৰু ঈষাৰ মাজত নাই মাতবোল৷ কিন্তু এই খবৰ ফাদিল হোৱাৰ সময়ত বাদশ্বাহৰ চৰিত্ৰৰ বিষয়ে প্ৰকাশ কৰিছে ঈষাই৷
বৰ্তমান বাদশ্বাহ ডুবাইৰ বাসিন্দা৷ লৰেন্স বিষ্ণয় গেঙে আক্ৰমণৰ ভাবুকি দিয়া বাবে ভাৰত এৰি যাবলৈ বাদশ্বাহ বাধ্য হৈছিল৷ বিশেষ কাম নাথাকিলে বৰ্তমান বাদশ্বাহ ভাৰতলৈ নাহে৷ লৰেন্স বিষ্ণয় গেঙৰ আক্ৰমণৰ আশংকাত সকলো সময়তে লুকাই থাকিবলৈ বাদশ্বাহ বাধ্য৷ সেয়ে ভাৰতত থাকিলে কাম কৰিব নোৱাৰে বুলি প্ৰকাশ কৰি তেওঁ বিদেশলৈ গৈছে৷ কিন্তু ডুবাইলৈ যাত্ৰা কৰাৰ সময়তে বাদশ্বাহৰ ব্যক্তিগত জীৱনতো কেৰোণ লাগিছে৷ তেওঁৰ পত্নী ঈষাৰ সৈতে ডিভ’ৰ্চ হৈছে৷ বিচ্ছেদৰ বহুদিনৰ পিছত ঈষাই বাদশ্বাহক অত্যাচাৰী বুলি অভিহিত কৰিছে৷ ঈষাৰ মতে সদায় নিশা বাদশ্বাহে তেওঁক অত্যাচাৰ কৰিছিল৷
স্বামীৰ নিৰ্যাতনৰ পৰিপ্ৰেক্ষিতত ঈষা অতিষ্ঠ হৈ পৰিছিল৷ কিন্তু সংসাৰখন ধৰি ৰখাৰ স্বাৰ্থত নীৰৱে থাকিবলৈ ঈষা বাধ্য হৈছিল৷ ডিভ’ৰ্চ কৰিবলগীয়া যাতে নহয়, তাৰ বাবে বাদশ্বাহৰ নিৰ্যাতন সহ্য কৰি আছিল ঈষাই৷ কিন্তু তেওঁ অকথ্য নিৰ্যাতন বেছিদিন সহিব নোৱাৰিলে৷ সেয়ে সৰ্বশেষত ঈষাই বাদশ্বাহৰ সৈতে ডিভ’ৰ্চ বিচাৰি আদালতৰ দ্বাৰস্থ হ’ল৷ সংসাৰত আউল লগাৰ বিষয়ে প্ৰকাশ কৰি ঈষাই বাদশ্বাহক মানসিকভাৱে অস্থিৰ বুলি অভিহিত কৰিছে৷ ঈষাৰ অভিযোগমতে বাদশ্বাহ এগৰাকী মহিলাৰ সৈতে সুখী হ’ব নোৱাৰে৷ বাদশ্বাহে সদায়েই বিচাৰে নতুন মহিলাৰ সান্নিধ্য৷ সেয়ে তেওঁ সংসাৰৰ যৱনিকা পেলাইছে৷
এই কথাটো ফাদিল হোৱাৰ পিছত বাদশ্বাহো অস্বস্তিত পৰিছে৷ দেশৰ সবাতোকৈ জনপ্ৰিয় ৰেপাৰ বাদশ্বাহে বিষয়টোত মন্তব্য কৰিবলৈ কিন্তু অস্বীকাৰ কৰিছে৷ সাংসাৰিক কন্দলৰ বাবে তেওঁ বৰ্তমান অস্থিৰ হৈ আছে বুলি অভিহিত কৰিছে বাদশ্বাহে৷ মৌন হৈ থাকি বাদশ্বাহে কাৰ্যত: স্বীকাৰ কৰিছে বিচ্ছেদিত পত্নী ঈষাৰ অভিযোগ৷ কিন্তু ঈষাৰ সৈতে ডিভ’ৰ্চ হ’লেও বাদশ্বাহে যে পৰিণাম ভোগ কৰিব লাগিব সেইটো অৱধাৰিত৷ ঈষাৰ সংসাৰখন সমাপ্ত হ’লে মাহিলী ভৰণ-পোষণৰ বাবে বাদশ্বাহে দিব লাগিব লাখৰ ঘৰত টকা৷ তাৰোপৰি ঈষাক ক্ষতিপূৰণ হিচাপে বাদশ্বাহে কেবাকোটি টকা দিবলগীয়া হোৱাটো অৱধাৰিত৷
সেয়ে বাদশ্বাহে ডিভ’ৰ্চৰ বিষয়টো গোপনে ৰখাৰ চেষ্টা কৰিছিল৷ কিন্তু ঈষাৰ বাবে বাদশ্বাহ বিৰক্তিৰ কাৰণ হৈ পৰিছে৷ সংসাৰ কৰি থকা সময়ত বাদশ্বাহে কৰা অত্যাচাৰত অতিষ্ঠ হৈছিল ঈষা৷ তথাপি তেওঁ সন্তানৰ ভৱিষ্যতৰ বাবে সকলো অত্যাচাৰ সহ্য কৰি আছিল৷ এতিয়া ঈষাই মুখ খুলিছে৷ তেওঁ কোৱামতে বলীউডৰ কেবাগৰাকী নৰ্তকীৰ সৈতেও বাদশ্বাহৰ অবৈধ সম্পৰ্ক আছে৷ নতুন গায়িকাক বাদশ্বাহে প্ৰায়ে টাৰ্গেট কৰি লয়৷ কেনেবাকৈ নতুন গায়িকাৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিবলৈ সুবিধা বিচাৰি ফুৰে দেশৰ এক নম্বৰ ৰেপাৰ বাদশ্বাহে৷ এই অভিযোগবোৰ অস্বীকাৰো কৰিব পৰা নাই বাদশ্বাহে৷ তেওঁ ঈষাক সম্প্ৰতি নিশ্চুপ হৈ থকাৰ আহ্বান জনাইছে৷ কিন্তু ডিভ’ৰ্চৰ পিছত ঈষাই এফালৰ পৰা কৈছে বাদশ্বাহৰ কথা৷ সংসাৰ কৰি থকা সময়ত বাদশ্বাহ কিমান নিষ্ঠুৰ আছিল সেয়া বখানিয়েই আছে নিৰ্যাতিত ঈষাই৷